অসম

দুধনৈত কিশোৰীক বলাৎকাৰ

প্ৰথম খবৰ,দুধনৈ: গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত টাঙাবাৰী শান্তিনগৰ গাওঁত যোৱা ৮জুন তাৰিখে সংঘটিত হোৱা এক জঘন্য বলাৎকাৰৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰামতে যোৱা বৃহস্পতিবাৰে দুপৰীয়া শান্তিনগৰ নিবাসী সঞ্জয় বৰ্মন ওৰফে বলটুৱে ঘৰত কোনো মানুহ নথকাৰ সুযোগলৈ এজনী ১০ বছৰীয়া চতুৰ্থমান শ্ৰেণীত পঢ়া কনমানীক মুখত সোপা দি বাথৰুমলৈ লৈ যায় আৰু উপৰ্যুপৰি ধৰ্ষণ কৰে। তেতিয়া শিশু কনমানীজনীয়ে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়াৰ লগতে ওচৰতে কাম কৰিথকা দেউতাকে ততাতিয়াকৈ আহি কনমানীজনীক উদ্বাৰ কৰাৰ লগতে নৰাধম পাষণ্ড সঞ্জয়ক কৰায়ত্ব কৰি উত্তম মধ্যম সোধায় আৰু দুধনৈ আৰক্ষী থানাত চমজায় দিয়ে। অৱশেষত ৰাইজে একগোত হৈ অপৰাধী সঞ্জয়ক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনায়।

Related Articles

Leave a Reply

Close