অসম

দুধনৈৰ বাখ্ৰাখুটিত কৃষ্ণাইৰ যুৱকক অপহৰণৰ চেষ্টা: পিষ্টল দেখুৱাই কাঢ়ি লৈ গ’ল স্ক’ৰপিঅ

প্ৰথম খবৰ,কৃষ্ণাই: গোৱালপাৰা জিলাৰ দুধনৈ থানাৰ অন্তৰ্গত বাখ্ৰাখুটিৰ ৬২ নং ৰাষ্ট্ৰীয় ঘাই পথত বৃহস্পতি বাৰে বিয়লি সংঘটিত হ’ল এক চাঞ্চল্যকৰ অপহৰণকাণ্ড৷ পলমকৈ পোৱা বাতৰি অনুসৰি, কৃষ্ণাইৰ ব্যৱসায়ী তথা আৰ এছ এছৰ ভাতৃ সংগঠন “মুছলিম ৰাষ্ট্ৰীয় মঞ্চ”ৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি মহিজুদ্দিন সেখৰ পুত্ৰ নুৰ আলম আহমেদক ৮/১০ জনীয়া দল এটাই কালি আবেলি ৬২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰতে অপহৰণৰ চেষ্টা চলায় ৷ নুৰ আলম আহমেদক দল টোৱে পিষ্টল দেখুৱাই অপহৰণ কৰাৰ চেষ্টা চলায় যদিও যুৱকজনে কৌশলেৰে পলাই সাৰে ৷ অৱশ্যে অস্ত্ৰাধাৰী দলটোৱে যুৱকজনে ব্যৱহাৰ কৰা AS01-BB-6078 নম্বৰৰ স্ক’ৰপিঅ বাহনখনৰ লগতে নগদ ৮৫ হাজাৰ টকা,ডিঙিৰ চেইন আৰু মোবাইল ফোন কাঢ়ি নিবলৈ সক্ষম হয় ৷ দিনৰ ভাগতে সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলটোতে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, কৃষ্ণাইৰ মহিজুদ্দিন শ্বেখৰ পুত্ৰ নুৰ আলম আহমেদে দামৰাৰ পৰা দুধনৈলৈ চিনেমা চাবলৈ আহি আছিল৷ এই সম্পৰ্কত দুধনৈ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অপহৰণ কাৰীৰ বিৰুদ্ধে অভিযান অাৰম্ভ কৰিছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close