অসম

দুলীয়াজানত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ, দুলীয়াজান: নাৰীক সুৰক্ষা প্ৰদানত ব্যৰ্থ আৰু অসমীয়া মাধ্যমক অপমান কৰাৰ প্ৰতিবাদত আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা সমিতিয়ে বিজেপি শাসিত চৰকাৰৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰে । চহৰ খনৰ মাজমজিয়া পিপ’লতল তিনিআলিত দুপৰীয়া ১২.৩০ বজাৰ পৰা ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্য্যসূচীত সংগঠনটোক সহযোগ কৰে ডিব্ৰুগড় জিলাৰ বৃহত্তৰ অসমীয়া মহিলা মঞ্চ , জিলা আৰু আঞ্চলিকৰ চুতীয়া ছাত্ৰ সন্থা , গোৰ্খা ছাত্ৰ সন্থা , টাই আহোম ছাত্ৰ সন্থায়ে। উল্লেখ্য যে ক্ৰমবৰ্ধমান নাৰীজনীত সমস্যাই সমাজৰ ভিন্ন শ্ৰেণীৰ নাৰীৰ মৰ্যাদা লাঘৱ কৰিছে । শিশু-কিশোৰীৰ পৰা ষাঠি- সত্তৰ বছৰীয়া বৃদ্ধাইও হাৰি যোৱা নাই একাংশ বিকৃত ৰুচি সম্পন্ন লোকৰ কামনাৰ পৰা । নিতৌ সমাজত চলি অহা এনে নাৰীজনীত জ্বলন্ত সমস্যাই শংকিত আৰু ক্ষুণ্ণ কৰি তুলিছে সমাজৰ প্ৰতিগৰাকী নাৰীকে । এনে ক্ষেত্ৰত প্ৰশাসন তথা চৰকাৰৰ গৃহ বিভাগ নিৰাপত্তা প্ৰদানত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ তোলে সংগঠনটোৱে । আনহাতে শেহতীয়াকৈ বিজেপি শাসিত চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ ক্ষেত্ৰত গ্ৰহণ কৰা স্থিতিয়ে অসমীয়া ভাষা আৰু জাতিক অপমান কৰাৰ অভিযোগেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । সেই সময়চোৱাত ৰাজ্য চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে । পৰৱৰ্তী পৰ্যায়ত টেঙাখাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীলৈ বিষয়ৰ সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰেৰণ কৰি দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী সামৰণি মাৰে প্ৰতিবাদী সংগঠনকেইটাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close