অসম

দেওমৰনৈত ৰাইজে বৰঙণি তুলি নিৰ্মান কৰিলে পথ

প্ৰথম খবৰ,দেওমৰনৈ: চৰকাৰলৈ কোনো আশা নকৰি দৰং জিলাৰ কলাইগাঁৱ সমষ্টিৰ ভূড়াৰগড় গাঁও পঞ্চায়তৰ অৰ্ন্তগত বাঘৰবাৰী গাৱৰ ৰাইজে হাতে হাতে কোৰ লৈ ওলাই আহিল গাঁওখনৰ যাতায়াতৰ মূল পথটি মেৰামতি কৰাৰ বাবে। বাঘৰবাৰী গাৱৰ এই পথটিৰে বালিপোতা, ওজাগাও, নাহৰবাৰী, ভূড়াৰগড়, চৰনধৰা, কছাৰীপাৰা আদি বিভিন্ন গাঁৱৰ ছাত্ৰ ছাত্ৰী সকল উক্ত পথটিৰে দেওমৰনৈ মহাবিদ্যালয়, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, দেওমৰনৈ বি এড মহাবিদ্যালয়লৈ অহা যোৱা কৰিব লাগে ।বিভিন্ন সময়ত পথটিৰে অহা অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰী সকলৰ লগতে পথচাৰী সকল বিভিন্ন দুৰ্ঘটনাত পতিত হৈ আহিছে যদিও পথটি মেৰামতিৰ বাবে গাঁৱৰ ৰাইজে বহুবাৰ আৱেদন কৰাৰ পিছতো পথটো মেৰামতিৰ বাবে কোনো গুৰুত্বই নিদিলে বিভাগীয় কতৃপক্ষই ।পথটি এবাৰ পঞ্চায়তৰ এনৰেগা আঁচনিৰ জৰিয়তে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও অলপমান কাম কৰিয়েই কাম সামৰিলে । শেষত সকলো বাদ দি ৰাইজৰ দান বৰঙনিৰে কেইবাগাড়ী শিল বালি আনি পথটিত দিয়াৰ লগতে দানসাগৰ হিছাপে পৰিচিত টংলা নিৱাসী বিশিষ্ট সমাজ সেৱক বলি ডেকা দেৱেও কেইবাগাড়ী শিল বালি দিয়ে পথটিৰ বাবে । চৰকাৰ, বিধায়ক, পঞ্চায়ত ৰ প্ৰতিনিধিৰ চকুত পৰিবনে কেতিয়াবা গ্ৰাম্যাঞ্চলৰ পথ সমুহ ৰ উন্নয়ন তথা মেৰামতি কৰিবলৈ, আজি বাঘৰবাৰী গাঁওৰ ৰাইজে দেখুৱাই দিলে চৰকাৰৰ জনপ্ৰতিনিধি সকলক ৰাইজৰ শক্তি কিমা । বাঘৰবাৰী ৰাইজক বহুতো ব্যক্তিয়ে প্ৰশংসনীয় পদক্ষেপ বুলি ব্যক্ত কৰিছে । উক্ত পথটো মেৰামতিৰ ক্ষেত্রত বিশেষ ভাৱে উদ্যোগ লয় দিগন্ত শৰ্মা, মৃদুল কলিতা, কমল শৰ্মা, নৱ শৰ্মা, কমলেশ্বৰ শৰ্মা, যদু ডেকা আৰু গাঁওবুঢ়া সুনিল ডেকা।

Related Articles

Leave a Reply

Close