অসম

দৰং জিলাত আজি অৰ্ণমাই বৰাৰ হত্যা কাৰীৰ শাস্তিৰ দাবীত প্ৰতিবাদ

প্ৰথম খবৰ, মংগলদৈ / দেওমৰনৈ: মংগলদৈ চহৰত আজি বহুতো যুৱক যুৱতীয়ে ওলাই আহে অৰ্ণমাই বৰাৰ হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবীত প্ৰতিবাদ কৰিবলৈ । প্ৰতিবাদত অংশগ্ৰহণ কৰে কস্তুৰী বেগী, দৰং NSUIৰ সভাপতি অঞ্জন ডেকা, আইদেউ ট’কিজৰ মানৱ দাস, শ্বেখৰ মজুমদাৰ, ৰামধেনু নৰ্থ ইষ্ট অন’জিঅ’ৰ বিশ্বজিৎ শইকীয়া, শীলা চহৰীয়া, ৰশ্মিৰেখা শৰ্মা, অভিজিত বৰুৱাকে ধৰি মংগলদৈৰ বহু সচেতন ব্যক্তিয়ে প্রতিবাদত অংশ লয়। সকলোৱে আহ্বান কৰে আজি অৰ্ণমাই বৰাৰ লগত হৈছে কালি নিজৰ পৰিয়ালৰ লগতো হ’ব পাৰে। প্ৰতিবাদতকাৰীয়ে হাতত ফেষ্টুন, বেনাৰ লৈ প্ৰতিবাদত নামি চৰকাৰক উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই ।

Related Articles

Leave a Reply

Close