অসম

দৰিদ্ৰতাক প্ৰত্যাহ্বান মেৰাপানীৰ হৰিপ্ৰসাদৰ

প্ৰথম খবৰ,মেৰাপানী: উৰুখা পঁজাত জীৱন নিৰ্বাহ কৰি নিজা সাধনা আৰু শ্ৰমেৰে সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছে মেৰাপানীৰ এজন মেধাৱী ছাত্ৰই । আৰ্থিক দৈন্যতা অথবা প্ৰতিকুল পৰিবেশ কেতিয়াও সফলতাৰ অন্তৰায় হ’ব নোৱাৰে। এই কথাকেই যেন পুনৰবাৰ প্ৰতিপন্ন কৰি দেখুৱালে মেৰাপানীৰ মেধাবী ছাত্ৰ হৰিপ্ৰসাদ কোঁৱৰে। অতিকৈ দৰিদ্ৰ পৰিয়ালৰ সন্তান হৰিপ্ৰসাদে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুকুমাৰ কলা বিষয়ত সমগ্র ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। গোলাঘাটৰ ফৰ্কাটিং জুনিয়ৰ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ ছাত্ৰজনে চাৰিটা বিষয়ত লেটাৰসহ উৰ্ত্তীণ হৈছে প্ৰথম বিভাগত। সুকুমাৰ কলা বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ ৯৬ নম্বৰৰ উপৰিও ইংৰাজীত ৮৪,অসমীয়াত ৮৮ আৰু শিক্ষা বিষয়ত হৰিপ্ৰসাদে লাভ কৰিছে ইৰ্ষনীয় ভাৱে ৮৯ নম্বৰ। কিন্তু ইপ্সিত সফলতা লাভ কৰাৰ পাছতো এতিয়া থমকি ৰ’ব লগাত পৰিছে মেধাবী ছাত্ৰ হৰিপ্ৰসাদ । কাৰণ একেটাই, দৰিদ্ৰতা। মেধাবী হৰিপ্ৰসাদক উচ্চশিক্ষা দিবলৈ যেন এতিয়া একপ্ৰকাৰ অসমৰ্থ দৰিদ্ৰ পিতৃ ইন্দ্ৰ কোঁৱৰ। অনুষ্ঠান প্ৰতিষ্ঠানৰ বেনাৰ নামফলক লিখি কোনোমতে দুবেলা দুমুঠি যোগাৰ কৰা পিতৃ ইন্দ্ৰ কোঁৱৰৰ বাবে পুত্ৰৰ উচ্চশিক্ষা হৈ পৰিছে এক চিন্তাৰ কাৰণ। কিয়নো পুত্ৰৰ ইচ্ছা সুকুমাৰ কলাত মেজৰ লৈ কলকতাৰ শান্তিনিকেটনত নামভৰ্তি কৰাৰ। যাৰবাবে পৰিয়ালটোৱে ব্যয় কৰিব লাগিব প্ৰচুৰ অৰ্থ । উল্লেখ্য যে,আৰ্থিক দুৰৱস্থাৰ বাবেই ফৰ্কাটিং জুনিয়ৰ কলেজ কৰ্তৃপক্ষই উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ সমষ্ট খৰছ ৰেহাই দিছিল হৰিপ্ৰসাদক । হাইস্কুল শিক্ষান্ত পৰীক্ষাটো ষ্টাৰ মাৰ্কসহ উৰ্ত্তীণ হোৱা হৰিপ্ৰসাদে কণমানি অৱস্থাৰ পৰাই পিতৃৰ হাতত ৰং-তুলিকা দেখি সুকুমাৰ কলাৰ প্ৰতি আকৃষ্ট হৈছিল । সম্প্ৰতি উচ্চশিক্ষা গ্ৰহনকলৈ দোধোৰ মোধোৰ অৱস্থাত পৰা হৰিপ্ৰসাদক এতিয়া প্ৰয়োজন আপোনাৰ অকণমান মৰম আৰু সহানুভূতিৰ । ভৱিষ্যতৰ সম্পদ এইজন মেধাবী ছাত্ৰক সফলতাৰ শীৰ্ষত আৰোহণ কৰাৰ ক্ষেত্ৰত আপোনাৰ মোৰ সহাৰিয়ে নিচ্ছিতভাৱে সৃষ্টি কৰিব পাৰে এক নতুন প্ৰত্যাষাৰ ।

Related Articles

Leave a Reply

Close