অসম

দৰিদ্ৰতা হেঙাৰ হ’ব নোৱাৰে মেধাৰ

প্ৰথম খবৰ, খুমটাই: নিজৰ প্ৰৱল ইচ্ছা শক্তি, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে সফলতা লাভ কৰিব পাৰি এই কথা প্ৰমাণ কৰি দেখুৱালে গোলাঘাট জিলাৰ খুমটাই মৌজাৰ কমাৰগাঁও দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী মিঠুৰাণীয়ে । নিজৰ একান্ত ব্যক্তিগত প্ৰচেষ্টাত মিঠুৰাণীয়ে শিক্ষা জীৱন বহু কঠিন সমস্যাৰ সন্মুখীন হৈ কালি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজ পিতৃ মাতৃ লগতে জন্ম গাঁওখনলৈ সুনাম কঢ়িয়াই আনিলে । উল্লেখ্য যে দৰিদ্ৰতা সৈতে যুঁজ কৰি মিঠুৰাণীয়ে প্ৰতি খোজত আগবাঢ়ি গৈছিল । সৰু পৰাই নৃত্য আৰু স্কুলীয়া শিক্ষা একেলগে কৰি গৈছিল মিঠুৰাণীয়ে । তাৎপৰ্য পূৰ্ণ কথা এই যে মিঠুৰাণীয়ে ৬ বয়সৰ পৰা আৰম্ভ কৰি আজিলৈকে গাঁৱে ভূঞে নৃত্য প্ৰদৰ্শন কৰি পোৱা টকাৰে নিজৰ পঢ়াৰ লগতে ঘৰখনকো চোৱা চিতা কৰিবলগীয়া হৈছিল । কাৰণ মিঠু পিতৃ এক জটিল ৰোগৰ অস্ত্ৰোপচাৰ হোৱাৰ হেতুকে কোনো কাম কৰিব নোৱাৰে আৰু মাকে ভনীয়েক আৰু একমাত্ৰ ভায়েকৰ চোৱা চিতা কৰে আৰু প্ৰায়ে মাকে দেউতাকৰ লগত সময় দিব লগা হোৱাত তাই নিজেই প্ৰায়ে পঢ়াৰ লগতে নৃত্য গীত প্ৰদৰ্শন কৰে । এইবৰ্ষ মিঠুৰাণীয়ে এইবৰ্ষতে আন এক সফলতা লাভ কৰিছে । কাজিৰঙাত অনুষ্ঠিত নৃত্য প্ৰতিযোগিতা নৃত্য প্ৰদৰ্শন কৰি ” নৃতাশ্ৰী ” উপাধি পাবলৈ সক্ষম হৈছে । আৰ্থিক দৈন্যতাই পুষ্ট পৰিয়ালৰ মেধা ছাত্ৰী গৰাকী সাফল্যত আনন্দিত আৰু উৎফুল্লিত মিঠুৰাণী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী লগতে অঞ্চলবাসী । এতিয়া মিঠুৰাণী মাতৃৰ আনন্দ মাজটো চিন্তিত হৈছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত মেধাৱী ছোৱালী জনীৰ সপোন কিদৰে বাস্তৱায়িত কৰিব পাৰিব ।

Related Articles

Leave a Reply

Close