অসম

ধপাত বিৰোধী দিৱস উপলক্ষে গৌৰীসাগৰ আৰক্ষীৰ দেৱাল পোষ্টাৰিং

প্ৰথম খবৰ,দিখৌমুখ: আজি ৰাজ্যজুৰি পালন কৰা ধপাত বিৰোধী দিৱসৰ লগত সংগতি ৰাখি গৌৰীসাগৰ আৰক্ষীয়ে আজি সংশ্লিষ্ট আৰক্ষী থানাৰ অন্তৰ্গত ৰাজহুৱা ঠাই সমূহত এক দেৱাল পোষ্টাৰিং কাৰ্যসূচী ৰূপায়ন কৰে ৷ এই কাৰ্যসূচীত সংশ্লিষ্ট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দাদু বৰাৰ নেতৃত্ব কেইবাগৰাকী আৰক্ষীয়ে ধপাত বিৰোধী পোষ্টাৰিঙৰ লগতে শিৱসাগৰ মহকুমা মাদক দব্য নিবাৰণী সমিতিয়ে প্ৰকাশ কৰি উলিওৱা হিৰ’ইন, হাচিচ, ককেইন, এল ইচ ডি, মৰফিন, মদ আদি সমূহ মাদক দব্য বিৰোধী গোহাৰিও পোষ্টাৰিং কৰে৷

Related Articles

Leave a Reply

Close