অসম

ধাৰাবাহিক চুৰি কাণ্ডত অতীষ্ঠ জাজৰিবাসী

প্রথম খবৰ,জাজৰি: নগাওঁ জিলাৰ জাজৰি থানাৰ অন্তর্গত বহু কেইখন গাওঁত সঘনাই চোৰৰ তাণ্ডৱ। সঘনাই ঘটি থকা চুৰি কাণ্ডৰ বাবে উজাগৰে দিন কটাব লগা হৈছে জাজৰিবাসীয়ে। কালি জাজৰি থানাৰ অন্তর্গত হেমাবৰিৰ নগাওঁ জিলাৰ ছাত্র সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক তথা জাতীয় শ্বহীদ পৰিয়াল ঐক্যমঞ্চৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি পংকজ ডেকাৰ ঘৰৰ পৰা এখন পালচাৰ বাইক (AS02-K-8825) কোনো অচিনাক্ত দুৰ্বৃত্তই চোৰ কৰি নিয়ে। সেই একে সময়তে কাকমাৰিৰ ৰাতুল মেধিৰ ঘৰৰ পৰাও (AS02-L-0858) হিৰোহোণ্ডা বাইক এখন চোৰ কৰি নিয়া ঘটনাই অঞ্চলটোত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। জাজৰি থানাৰ এলেকাত বিগত ১৫ দিন ধৰি গৰু চোৰৰ পৰা আদি কৰি বিভিন্ন চুৰি কাণ্ড সংঘটিত হৈ আহিছে। ৰাইজে অভিযোগ কৰিছে যে প্রশাসনৰ কটকটীয়া ব্যবস্থা নথকাৰ বাবে এনে চুৰি কাণ্ড ধাৰাবাহিক ভাৱে সংঘটিত হৈ আহিছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close