অসম

ধুবুৰীত আৰক্ষী জোৱানৰ আত্মহননৰ চেষ্টা

প্ৰথম খবৰ,ধুবুৰী: ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কাষতে থকা আৰক্ষীৰ কোঠা এটাত আজি দিনৰ প্ৰায় ১২ বজাত দিপুৰাম দাস নামৰ গাৰ্ড কমাণ্ডাৰ এজনে নিজৰ ষ্টেনগানেৰে আত্মহত্যাৰ চেষ্টা কৰাৰ ঘটনাই ধুবুৰী সদৰ চহৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাৰ্ড কমাণ্ডাৰ জনে এনেদৰে আত্মহত্যাৰ চেষ্টা কৰোতে তেওঁৰ বুকুত দুটা গুলি লাগি গুৰুতৰভাবে আহত হয়। পিছত গুলি ফুটাৰ শব্দ শুনি তৎক্ষনাত আৰক্ষীৰ লোকসকল উক্ত ঠাইত উপস্থিত হৈ গুৰুতৰ ভাবে আহত গাৰ্ড কমান্ডাৰ জনক অসামৰিক চিকি‍ৎসালয়ত ভৰ্তি কৰোৱা হয়। কমাণ্ডাৰজনে আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল নে ষ্টেনগান চাফা কৰোঁতে দুৰ্ভাগ্যক্ৰমে গুলী ফুটিল আঘাতপ্ৰাপ্ত হ’ল সেই বিষয়ে ধুবুৰী আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Close