অসম

ধৃত চোৰাংচিকাৰীৰ স্বীকাৰোক্তিত নৰ্ডান ৰেঞ্জে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৩০৩ ৰাইফল সহ সজীৱ গুলী

প্ৰথম খবৰ, চতিয়া: বিশ্বনাথৰ নৰ্ডান ৰেঞ্জৰ আন এক সফলতা। বৃহস্পতিবাৰে আটক কৰা চোৰাংচিকাৰীক আদালতত হাজিৰ কৰি ৫ দিনৰ বাবে ন্যায়িক জিন্মাত লৈ জেৰা অৱ্যাহত ৰাখিছিল নৰ্ডান ৰেঞ্জে। জেৰাত বৰবাবুয়ে নিজ গৃহতে অস্ত্ৰ ৰখাৰ কথা সদৰি কৰে । চোৰাংচিকাৰী বৰবাবুৰ স্বীকাৰোক্তিৰ ভিত্তিত নৰ্ডান ৰেঞ্জৰ এক অভিযান কাৰী দলে শুকুৰ বাৰে নিশা চতিয়াৰ বৰালিমাৰীৰ পৰা এটা ৩০৩ মাৰ্ক ৪ ৰাইফল আৰু ৫ জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰবাবুৰ নিজ গৃহতে উদ্ধাৰ কৰা ৰাইফলটো সম্প্ৰতি জেলত থকা চোৰাংচিকাৰী কাতিখোৱা ওৰফে হবিবুৰে ৰাখিবলৈ দিছিল বৰবাবুক। জেলৰ পৰা ওলাই আহিলেই পুনৰ গড় নিধনৰ পৰিকল্পনা কৰিছিল বৰবাবু আৰু কাতিখোৱাই। সম্প্ৰতি আৰু অধিক তথ্যৰ বাবে নৰ্ডান ৰেঞ্জৰ জেৰা অৱ্যাহত ।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close