অসম

ধেমাজিত জেঠতে নামিছে আঘোণ

প্ৰথম খবৰ, ধেমাজি: জেঠ মাহৰ মাটি চহাই শইচ সিঁচাৰ বতৰত ধেমাজিৰ যৱঙ গাঁৱৰ পথাৰত আঘোন নামিছে৷ সেউজীয়া পথাৰ সোনোৱালী হৈ পৰিছে যৱঙ গাৱঁত ৷ মিছিং মৃমবৰ য়ামে হঁতৰ ঐনিতমৰ উখল-মাখল লহৰত মুখৰিত হৈ পৰিছে চৌপাশ ৷ যৱঙৰ পথাৰত আঘোন নামিছে কৃষকৰ মুখত হাঁহি বিৰিঙিছে ৷ বানৰ ভয়ত ককবকাই থকা ধেমাজিৰ যৱঙৰ কৃষকৰ নিজস্ব প্ৰচেষ্টাৰ সাৰ্থকতাই সাহস আনিছে অঞ্চলটোৰ ৰাইজৰ ৷ কৃষি বিভাগৰ কৃষকৰ প্ৰতি দায়বদ্ধতাৰ অভাৱ নতুন কথা নহয় ৷ কৃষকৰ আস্থা হেৰাই যোৱা কৃষি বিভাগৰ পৰা কোনোধৰনৰ সহায় নতুবা পৰামৰ্শ লোৱা নাছিল যৱঙ গাৱঁৰ কৃষক সকলে ৷ নিজাববীয়া প্ৰচেষ্টাত ১৮ বিঘা মাটিত বড়ো ধানৰ খেতি কৰি এতিয়া বিঘাই প্ৰতি ৩০ মোনকৈ ধান পোৱাৰ সম্ভাৱনা দেখি উত্যফুল্লিত হৈ পৰিছে কৃষক সকল ৷ কৃষি বিভাগৰ দ্বাৰা দিয়া হোৱা বীজ ব্যৱহাৰ কৰি পাছত পতান ধান পোৱাৰ ভয়তে যৱঙ গাঁৱৰ গঞা কাষ নাচাপিল কৃষি বিভাগৰ ৷ পৰামৰ্শও বিচাৰি নগল কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ কাষলৈ ৷
ধেমাজিৰ যৱঙৰ পথাৰত এতিয়া ঐনিতমৰ জোৱাৰ ৷ জেঠ মাহৰ পথাৰ চহোৱাৰ বতৰত সোনোৱালী শইচ উভৈনদী হৈ পৰিছে যৱঙ গাঁৱত ৷ পূৰ্বতে চন পৰি থকা খেতি বাতি নোহোৱা ১৮ বিঘা মাটিত কৃষি বিভাগৰ কোনো সহায় নোলোৱাকৈ বড়ো ধানৰ খেতি কৰা যৱঙ গাৱৰ ৰাইজৰ এই প্ৰয়াস নি সন্দেহে আদৰনীয় ৷ যৱঙ গাৱঁৰ পথাৰৰ সোনোৱালী ধাননিয়ে এতিয়া ৰিঙিয়াই মাতিছে কৃষকক ৷

Related Articles

Leave a Reply

Close