অসমশীৰ্ষ

ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিল অভয়াপুৰী

প্ৰথম খবৰ, অভয়াপুৰী: কোনো দল-সংগঠনৰ আহ্বানত নহয়, একমাত্ৰ চ’ছিয়েল মিডিয়াৰ আহ্বানত আজি অভয়াপুৰীত ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদত নামিল প্ৰায় পাঁচ শতাধিক পুৰুষ-মহিলাৰ লগতে যুৱ প্ৰজন্ম ৷ ফেচবুক, হোৱাটছএপৰ জড়িয়তে কাৰ্যসূচী লোৱা এইসকল লোকে হাতে হাতে মম আৰু প্লেকাৰ্ড লৈ ধৰ্ষণকাৰীৰ উপযুক্ত শাস্তিৰ দাবীত উত্তাল কৰি তোলে অভয়াপুৰী ৷ প্ৰতিকূল বতৰ তথা আক্ৰাছুৰ বন্ধকো নেওচি প্ৰতিবাদকাৰীসকলে অভয়াপুৰী ছহিদ বেদী প্ৰাংগণৰ পৰা এই প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ প্ৰতিবাদী সমদলৰ আৰম্ভণিতে হোৱা প্ৰতিবাদী সভাৰ আঁত ধৰে অভয়াপুৰী মহাবিদ্যালয়ৰ প্ৰবক্তা বিক্ৰম ৰঞ্জন ৰয়ে ৷ সভাত আয়োজকৰ হৈ ধনশ্ৰী অধিকাৰী, ৰুবী অধিকাৰী, সাংবাদিক বিনোদ বিহাৰী নাথ, সমাজকৰ্মী ছিৰখাত হুছেইন, আছু নেতা জ্যোতিশংকৰ চৌধুৰীৰ লগতে বিশিষ্ট লেখিকা ড° মৰমী বৰঠাকুৰে ভাষণ প্ৰদান কৰি ধৰ্ষণকাৰীক ফাষ্টট্ৰেক আদালতৰ জড়িয়তে বিচাৰ কৰি কঠোৰতম শাস্তি বিহাৰ দাবী জনায় ৷ প্ৰতিবাদী সমদলটো ছহিদ বেদীৰ পৰা আৰম্ভ হৈ অভয়াপুৰী মহাবিদ্যালয় হৈ পুনৰ ছহিদ বেদীত সামৰণি মৰা হয় ৷

Related Articles

Leave a Reply

Close