অসম

নগাঁৱত পূজা-অৰ্চনাৰে ব্ৰহ্মপুত্ৰক তুষ্ট কৰাৰ চেষ্টা নৈপৰীয়া ৰাইজৰ

প্ৰথম খবৰ, ৰূপহীহাট: নগাওঁ জিলাৰ লাওখোৱা, ভূৰবন্ধা, ভগামুখ আদি অঞ্চলত অব্যাহত আছে মহাবাহু ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া৷ কিন্তু এনে খহনীয়া প্ৰতিৰোধৰ বাবে আজিলৈকে চৰকাৰে কোনো ফলপ্ৰসু কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত জলসম্পদ বিভাগৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছে নৈপৰীয়া ৰাইজ সকলে। ফলত বাৰিষাৰ আগমনৰ লগে লগে ভয়াৱহ বিপদৰ আশংকাত ত্ৰস্তমান চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত নৈপৰীয়া দুৰ্ভগীয়া ৰাইজে এতিয়া উপায়হীন হৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ পূজা-অৰ্চনাত ব্যস্ত হৈ পৰিছে ৷ তেওঁলোকে পুৰোহিত মাতি আনি মন্ত্ৰোচাৰণ, উৰুলি-মাংগলিক ধ্বনিৰে নৈৰ পাৰ মুখৰিত কৰি ধূপ-ধূনা, চাকি-বন্তি জ্বলাই ৰূষ্ট ব্ৰহ্মপুত্ৰক কালৰূপ ধাৰণ নকৰিবলৈ কৰযোৰে প্ৰাৰ্থনা জনাইছে। উল্লেখ্য,বিগত সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ মথাউৰি, স্পাৰ বান্ধ আদি নিৰ্মাণৰ নামত কোটি কোটি টকা আবন্টিত হৈ আহিছে যদিও সংশ্লিষ্ট বিভাগৰ এচাম অৰ্থলোভী বিষয়া-কৰ্মচাৰীয়ে ঠিকাদাৰৰ সহযোগত পালমৰা ধৰণৰ নিম্নমানৰ কাম কৰি আৱন্টিত ধন লুণ্ঠনহে কৰি অহাত নৈপৰীয়া ৰাইজৰ দুখ-দুৰ্গতি আজিও দূৰ হোৱা নাই৷ ইফালে, জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কাৰ্বিআংলঙৰ নিৰ্বাচনী প্ৰচাৰত বানপানী আৰু খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগ সক্ষম বুলি দম্ভালি মাৰিলেও লাওখোৱা, ভূৰবন্ধা, ভগামুখ আদিত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াই ইয়াৰ এক বিপৰীত ছবিহে দাঙি ধৰিছে৷ আনকি ব্ৰহ্মপুত্ৰৰ তাণ্ডৱ তথা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে দুৰ্ভগীয়া নগঞা নৈপৰীয়া ৰাইজে এনেদৰে আজিৰ অত্যাধুনিক তথ্য-প্ৰযুক্তিৰ যুগটো পূজা-পাতলৰ আশ্ৰয় ল’বলগীয়া হোৱা ঘটনাই জলসম্পদ বিভাগটোৰ চৰম ব্যৰ্থতাকে প্ৰতিপন্ন কৰিছে ৷

Related Articles

Leave a Reply

Close