অসম

নগৰবেৰাত বিদ্যুৎপৃষ্ট হৈ গুৰুতৰভাৱে আহত দুই

প্ৰথম খবৰ¸নগৰবেৰা: ৰাজ্যত ২৪ ঘন্টাই বিদ্যুৎ যোগানৰ অাশ্বাস দিয়া পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ এবছৰ পূৰ্ণ হোৱাৰ পিছতো অাশ্বাসৰ নামত চুড়ান্ত ভেকোঁভাওনা । প্ৰায় এক সপ্তাহ ধৰি কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰাৰ ভকুৰাদিয়াত বিদ্যুতৰ ST তাৰ চিঙি বিচ্ছিন্ন হৈ আছিল বিদ্যুত যোগান। ৰবিবাৰে নিশা বিদ্যুত বিভাগৰ দায়িত্বত থকা কৰ্মচাৰীৰ লগত যোগা-যোগ কৰে গাঁও খনৰে মোলহক আলীৰ পুত্ৰ ফাৰুক শ্বাহ(২৭) আৰু আলতাপ আলীৰ পুত্ৰ মইদুল ইছলাম(২৪) নামৰ যুৱক দুজনে। ফোন যোগে বকো বিদ্যুত বিভাগৰ উপ-সংমণ্ডলৰ কৰ্মচাৰীৰ লগত যোগা যোগ কৰাত বিচ্ছিন্ন বিদ্যুত তাৰ সংযোগ দিব লৈ যুৱক দুজনক দায়িত্ব দিয়ে।পিছে তাতেই লাগিল কেণা¸ বিভাগটোৰ কথা মতেই বিদ্যুৎৰ তাৰ সংযোগ দিওঁতেই বিদ্যুৎপৃষ্ট হৈ দুয়ো জন যুৱক গুৰুতৰ ভাবে আহত হয় ।আহত দুজনক ততাতৈয়াকৈ নগৰবেৰা চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয় যদিও চিকিৎসকে ফাৰুক শ্বাহৰ অৱস্থা অধিক সংকট জনক দেখি নিশাই জি এম চি এইচ লৈ প্ৰেৰণ কৰে আৰু সম্প্ৰতি মইদুলে নগৰবেৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে। বিদ্যুৎ বিভাগৰ হেমাহি আৰু বকো উপ-সংমণ্ডলৰ SDOৰ চুড়ান্ত অৱহেলাৰ বাবেই এই অঘটন হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।

Related Articles

Leave a Reply

Close