অসম

নলবাৰীত জটিল ৰোগত আক্ৰান্ত যুৱক : প্ৰধানমন্ত্ৰীলৈ চিকিৎসা বাবে পত্ৰ প্ৰেৰণ

প্ৰথম খবৰ,নলবাৰী: নলবাৰী চহৰৰ সমীপৰ দৌকুছি গাওঁৰ ত্ৰৈলোক্য ডেকা নামৰ ৩৫ বছৰীয়া যুৱকজনে বিগত ছমাহ ধৰি দুয়োটা বৃক্ক বিকল হৈ নিজ গৃহতে শয্যাগত হৈ আছে ৷ জটিল ৰোগত আক্ৰান্ত পুত্ৰৰ চিকিৎসাৰ বাবে মাতৃ সৰস্বতী ডেকাই গুৱাহাটীৰ ইন্টাৰনেচনেল হস্পিটালত যোৱা মাৰ্চ মাহত ভৰ্তি কৰায় ৷ কিন্তু অৰ্থৰ অভাৱত চিকিৎসা আধাতে সামৰি ত্ৰৈলোক্য ডেকাক ঘৰলৈ ওভতাই আনে পৰিয়ালে ৷ যুৱকজন জীয়াই থাকিবলৈ হলে শৰীৰত বৃক্ক সংস্থাপন কৰাৰ পৰামৰ্শ দিয়ে চিকিৎসকে ৷ পৰিয়ালৰ পৰা জনা মতে স্থানীয় বিধায়ক, ৰাজ্যৰ মূখ্যমন্ত্ৰীকো সাহাৰ্য্য বিচাৰি ইতিমধ্যে আবেদন কৰিছে যদিও আজিলৈ সহাৰি পোৱা নাই ৷ অৱশেষত যুৱকজনৰ মাতৃ সৰস্বতী ডেকাই পুত্ৰৰ চিকিৎসাৰ সহায় বিচাৰি দেশৰ প্ৰধানমন্ত্ৰীলৈ ই-মেইল যোগে এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছে ৷ পত্নী আৰু এটি চাৰিমহীয়া শিশুৰ পিতৃ ত্ৰৈলোক্য ডেকাৰ মাতৃয়ে নিজৰ এটি বৃক্ক দান কৰিব বুলি পত্ৰখনত উল্লেখ কৰিছে ৷ এতিয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কিদৰে যুৱক জনৰ চিকিৎসাৰ ক্ষেত্ৰত সহাঁৰি জনায় তালৈ ৰাইজে বাট চাই আছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close