অসম

নলবাৰীত ব্যতিক্ৰমী অনুষ্ঠান

প্ৰথম খবৰ,  নলবাৰী: নলবাৰী ঘগ্ৰাপাৰৰ বাঘমাৰা গাঁৱত এক ব্যতিক্ৰমী অনুষ্ঠান। ৰাজহুৱা পালনামত গাঁওখনৰ জোঁৱাই সকলক ৰাজহুৱাভাৱে সম্ভাষণ।কোলাত কেচুৱা কাষত স্বামীক লৈ পালনামস্থলীত উপস্থিত গাঁওখনৰ জীয়ৰী সকল। সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি অনুসৰি গাঁও বাসীয়ে পালন কৰিছে পালনামভাগি। বিগত বছৰ সমূহৰ দৰে এইবেলিও বাঘমাৰা গাঁও বাসীয়ে পালন দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰিছিল ৰাজহুৱা পালনামভাগি। নাম কীৰ্তনকে আদি কৰি সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে অনুষ্ঠিত কৰিছে গাঁও বাসীয়ে। আৰু তাৰ মাজতে এইবেলি গঞাঁই পালনামৰ কাৰ্য্যসূচীত অন্তৰ্ভুক্ত কৰিলে এক ব্যতিক্ৰমী অনুষ্ঠানৰ। গাঁওখনৰ পৰা বিয়া হৈ ওলাই যোৱা জীয়ৰী সকলৰ স্বামী অৰ্থাৎ বাঘমাৰা গাঁওৰ জোৱাই সকলক পালনাম স্থলীত দিয়া হ’ল ৰাজহুৱা সন্মান। জোঁৱাই সকলক পালনাম স্থলীত গামোচা পিন্ধায় সম্বৰ্ধনা জনোৱা হ’ল। গাঁওখনৰ পৰা বিয়া হৈ যোৱা জীয়ৰী সকলো আহিল পালনাম স্থলীলৈ। কোনোৱে যদি পালনাম স্থলীত উপস্থিত হ’ল স্বামীক লগত লৈ। আন কোনোৱে উপস্থিত হ’ল কোলাত কেচুৱা আৰু কাষত স্বামীক লৈ। ডেকাৰ পৰা বুঢ়া লৈকে গাঁও খনৰ সকলো জী-জোৱাই উপস্থিত হ’ল পালনাম স্থলীত। ধৰ্মীয় পৰম্পৰাৰ মাজতে এক বিৰল নিদৰ্শন দাঙি ধৰিলে বাঘমাৰা গাঁও বাসীয়ে।

Related Articles

Leave a Reply

Close