অসমশীৰ্ষ

নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা: শিশুসহ নিহত ৪

প্ৰথম খবৰ,নলবাৰী: নলবাৰীৰ ককয়াত ভয়ংকৰ পথ দূৰ্ঘটনা। এখন চাৰিচকীয়া বাহনে মহতীয়াই নিলে শিশুসহ ছয় গৰাকীকৈ লোকক। থিতাতে নিহত হয় নিৰলা ডেকা নামৰ এগৰাকী মহিলা। আনহাতে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত স্থানীয় লোকে আহত সকলক ভৰ্তি কৰায় যদিও চিকিৎসালয়ত ভৰথ ঠাকুৰীয়া (৭৫) আৰু দিক্ষীতা ডেকা(৫)আৰু অংকিতা ডেকা(৩) নিহত হয়। ইপিনে মৃদুস্মিতা ডেকা নামৰ দুগৰাকী শিশু সহ স্বৰ্ণলতা ডেকা নামৰ এগৰাকী মহিলাক GMCH লৈ প্ৰেৰণ কৰে। আনহাতে স্থানীয় ৰাইজে চালকজনক উত্তম মধ্যম দিয়ে। আনহাতে দুৰ্ঘটনাটো সংঘটিত কৰা AS01-AR-8887 নম্বৰৰ ALTO গাড়ীখনৰ চালক ৰাজু ডেকা(৩৩)ক উত্তেজিত ৰাইজে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চালকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। ইপিনে চালক ৰাজু ডেকাই কেমেৰাৰ সন্মুখত প্ৰকাশ কৰা মতে বেমাৰ আছে তেওঁৰ। ডাক্তৰে মানা কৰিছিল গাড়ী চলাবলৈ। কিন্তু আজি পিপলিয়াৰ পৰা পালনাম অংশ লৈ জাগৰালৈ আহি থকা অৱস্থাতে প্ৰথমতে চাইকেল আৰোহী ভৰথ ঠাকুৰীয়াক খুন্দিয়াই আৰু তাৰ পিছত বাকী কেইজনক মহতিয়াই থৈ যায়।

Related Articles

Leave a Reply

Close