অসম

নলবাৰীত যোগ দিৱসৰ কাম-কাজৰ নিবিদাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া

প্ৰথম খবৰ,নলবাৰী: নলবাৰীত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ যাৱতীয় কাম কাজৰ নিবিদাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া। অহা ২১ জুনত নলবাৰীত চৰকাৰীভাৱে অসম চৰকাৰে কেন্দ্ৰীয় ভাৱে আয়োজন কৰিছে আন্তৰাষ্টীয় যোগ দিৱস। নলবাৰী চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত যাবতীয়া পেণ্ডেলৰ কামৰ নিবিদাক কেন্দ্ৰ কৰি আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। প্ৰায় ১ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা পেণ্ডেলৰ বাবে নিবিদা গড়কাপ্তানী বিভাগৰ গুৱাহাটী কাৰ্য্যালয়ে বিচাৰিছিল ১৩ জুনত আৰু নিবিদা খোলাৰ শেষ তাৰিখ আছিল ১৯ জুন । কিন্তু নিবিদা নোহোৱাকৈ কাৰ নিৰ্দেশত নলবাৰী চলিছে পেণ্ডেলৰ কাম ।তাক লৈ আজি আবেলি অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰকৃত ৰহস্য বিচাৰি নলবাৰী জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close