অসম

নলবাৰীৰ বালিজাৰত শিশুৰ সলিল সমাধি

প্ৰথম খবৰ, কৈঠালকুছি: নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত বালিজাৰ গাঁৱত এটি শিশুৰ আজি পানীত পৰি মৃত্যু হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। ঘটনাৰ বিৱৰণী মতে আজি দুপৰীয়া বালিজাৰ গাওঁ নিৱাসী ফৰিদ আলী আৰু তেওঁৰ পুত্ৰ চফিকুল ইছলামে পথাৰত থকা এটি সৰু খালত মাছ মাৰিবলৈ গৈ খালটো সিচি থকা অৱস্থাত চফিকুলৰ ৪ বছৰীয়া পুত্ৰ ইমদাদুল হক (বাবুই) খালৰ পাৰত বহি ককাক আৰু পিতৃয়ে মাছ মাৰি থকা চাই থাকে। কিন্তু কিছু সময় পাছত ককাক আৰু পিতৃয়ে শিশুটোক সেই ঠাইত নেদেখি বিচাৰ-খোচাৰ কৰাত অলপ আঁতৰতে থকা এটা পুখুৰীত কণমানি ইমদাদুলক ওপঙি থকা প্ৰত্যক্ষ কৰে। পানীৰ পৰা শিশুটোক তুলি আনি লগে-লগে নলবাৰীৰ শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে শিশুটোক মৃত বুলি ঘোষণা কৰে।

Related Articles

Leave a Reply

Close