অসম

নলবাৰীৰ মাকালডোবা বাসীৰ আবেদন কোনে শুনিব, জৰাজীৰ্ণ দলঙে যাতনা ভোগাইছে ৰাইজক

প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ প্ৰায় পাঁচশ পৰিয়াল থকা মাকালডোবাত এখন বিধ্বস্ত দলঙে পৰিৱৰ্তনকামী ৰাজ্যৰ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন মিত্ৰ জোঁটত চৰকাৰৰ উন্নয়ন – বিকাশৰ শ্ল’গান যে বাস্তৱ নহয় বিগত এবছৰে তাকে দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে উক্ত দলংখন নিৰ্মাণ অথবা মেৰামতি কৰাৰ বাবে বিগত পোন্ধৰ বছৰীয়া শাসন চলোৱা কংগ্ৰেছ দলৰ চৰকাৰক তথা জনপ্ৰতিনিধি, প্ৰশাসনক অঞ্চলটোৰ ৰাইজে বহুবাৰ আবেদন জনাইছিল। তেনেদৰে বৰ্তমানৰ চৰকাৰ – জনপ্ৰতিনিধিকো আবেদন কৰিছিল। কিন্তু অঞ্চলটোৰ ৰাইজক কোনোৱে গুৰুত্ব নিদিয়া বুলি অভিযোগ উঠিছে। উক্ত দলং খনেৰে অহা যোৱা কৰোতে বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰী, চৰকাৰী কৰ্মচাৰী,সাধাৰণ লোকে বহু বাৰ ভাবিব লাগে। সম্প্ৰতি ৰাইজে শীঘ্ৰে দলং খনে নিৰ্মাণৰ দাবী জনাইছে চৰকাৰ তথা জনপ্ৰতিনিধিৰ ওচৰত। নহ’লে অঞ্চলটোৰ ৰাইজে শাসকীয় দলক আগন্তক পঞ্চায়ত নিৰ্বাচনত ভোট নিদিয়াৰ হুংকাৰ দিয়ে।

Related Articles

Leave a Reply

Close