অসম

নাওবৈচাৰ জোৱান শ্বহীদ হ’ল মণিপুৰত

প্ৰথম খবৰ,নাওবৈচা: লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী চকীৰ অন্তৰ্গত ১নং লথৌৰ নিবাসী চন্দ্ৰকান্ত চৰুপুৱাৰ তৃতীয় পুত্ৰ চি আৰ পি এফৰ জোৱান বিজুৱ চৰুপুৱা(৩০)ৰ আজি মণিপুৰত সংঘটিত হোৱা বোমা বিস্ফোৰণত নিহত হয় ৷ ২০০৬ চনত চাকৰিত যোগদান কৰা জোৱানজন দুবছৰে মণিপুৰত কৰ্মৰত হৈ আছিল ৷ জোৱানজনৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে ঘৰখনত হুৱাদুৱা লগাৰ লগতে সমগ্ৰ নাওবৈচা অঞ্চলত শোকৰ ছাঁ পৰিছে৷ এমাহৰ পূৰ্বে নাওবৈচাৰ গৃহলৈ আহি নতুনকৈ নিৰ্মাণ কৰা গৃহটো চাই যায় ৷ জোৱানজনে ঘৰত পত্নী, দুটি পুত্ৰ, মাক আৰু দুজন ককায়েক-বৌৱেকক এৰি থৈ যায় ৷ কালিলৈ নশ্বৰদেহ আহি পোৱাৰ কথা জানিব দিছে পৰিয়ালৰ লোকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close