অসম

নাগ্রীজুলিৰ ঘিলাজাৰ গাঁৱৰ পৰা যুৱক নিৰুৰ্দ্দেশ

প্ৰথম খবৰ, তামুলপুৰ: তামুলপুৰ মহকুমাৰ নাগ্রীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ঘিলাজাৰ গাঁৱৰ পৰা এজন যুৱক নিৰুদ্দেশ হৈছে। গাঁওখনৰ স্বৰ্গীয় ইতীন্দ্র দাস আৰু কমলা দাসৰ ১৮ বছৰীয়া পুত্ৰ বিতু দাসে ঘৰৰ পৰা বজাৰলৈ বুলি ওলাই অহাৰ পিছৰে পৰা ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগে। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও বিতুৰ কোনো সম্ভেদ নোপোৱাত পৰিয়ালৰ লোকে নাগ্রীজুলি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। বগা বৰণীয়া, লংপেন্ট চাৰ্ট পৰিহিত যুৱক জনৰ কিবা সম্ভেদ পালে নাগ্রীজুলী আৰক্ষী চকীত নাইবা ৭০৩৫০৭৩৯৯৮ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Close