অসম

নামনি মাজুলীত কৃষি বান্ধ খহালে লুইতৰ বাঢ়নী পানীয়ে

প্ৰথম খবৰ,মাজুলী: নামনি মাজুলীৰ চিলাকলা গাঁও পঞ্চয়তৰ অন্তৰ্গত খাৰজানৰ কৃষি বান্ধটো বাঢ়নী পানীয়ে উটুৱাই নিয়ে। ফলত পঞ্চায়তটোৰ অন্তৰ্গত তিনিখন ৰাজহ গাঁও চিলাকলা কৈৱৰ্ত গাঁও, বৰুণ চিতাদাৰ গাঁও, ১ নং বৰ গাঁও বছৰৰ প্ৰথমটো বানত আক্ৰান্ত হৈছে এই তিনিখন গাঁৱৰ মুঠ ৩০০ হেক্টৰ কৃষি ভূমি প্লাৱিত হৈছে। উপায়ুক্ত পল্লৱ গোপাল ঝাই পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি থকাৰ লগতে ৰাজহ, জলসম্পদ, জনসিঞ্চন, কৃষি, স্বাস্থ্য , বিভাগৰ বিষয়াসকলক তাৎক্ষণিক ভাৱে পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে। উপায়ুক্তৰ নিৰ্দেশত ইতিমধ্যে ৰাজহ চক্ৰ বিষয়া অজিত শৰ্মা আৰু সহকাৰী আয়ুক্ত তথা মাজুলী খণ্ড উন্নয়ন বিষয়া ডঃ জোনালী গগৈয়ে খাৰজান কৃষিবান্ধ ভঙাৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লয়।

মাজুলী নিমাটি ফেৰী সেৱা অব্যাহত

আগৰ দৰেই নিয়মীয়াকৈ চলি আছে মাজুলী নিমাটি ফেৰীসেৱা ৷ প্ৰশাসনে মাত্ৰ এদিনৰ বাবে বিপদজনক ভাবে ব্ৰহ্মপুত্ৰ পানী বঢ়াৰ বাবে বন্ধ ৰাখিছিল নিমাতী-মাজুলী ফেৰীসেৱা। আনহাতে ব্ৰহ্মপুত্ৰ প্ৰবল সোঁতে নিমাতী ঘাটৰ একাংশ খহাই নিয়াত নিমাতীঘাটৰ কমলাবাৰী ঘাটৰ ৰেম্প আগৰ স্থানৰ পৰা ৩০০ মিটাৰ আগুৱাই নি আফলা ঘাটৰ ৰেম্পৰ ওচৰলৈ নিছে অভ্যন্তৰীণ জলপৰিবহন বিভাগে।

Related Articles

Leave a Reply

Close