অসম

নামৰূপত শোকাৱহ ঘটনা: চাইক্য গাওঁৰ অবৈধ শিল খাঁদত পৰি শ্ৰমিকৰ মৃত্যু

প্ৰথম খবৰ,নামৰূপ: নামৰূপ থানাৰ অন্তৰ্গত চাইক্য গাঁও অঞ্চলত থকা অবৈধ শিলৰ খাঁদত আজি পুৱা গাঁৱৰে এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। ঘটনাৰ বিবৰণি মতে নামৰূপ চাইক্য গাওঁ ৰ বাসিন্দা ৰবাৰ্ট হেছছাঁৰ পুত্ৰ সঞ্জীৱন হেছছাঁ যোৱা নিশা ৰ পৰাই নিখোজ আছিল। আন দিনৰ দৰে সঞ্জীৱন সন্ধিয়াতে ঘৰৰ পৰা লৈ গৈ নিশা দূপৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে বিচাৰ খোছাৰ কৰি সন্ধান নাপালে। ইফালে আজি পুৱা প্ৰায় ৮ বজাত একাংশ গাওঁ বাসী গাওঁৰ মাজত থকা অবৈধ শিলৰ খাঁদৰ পাৰত এযোৰ চেন্ডেল প্ৰত্যক্ষ কৰে। কাষতে ভৰি পিছলৈ খোৱাৰ চিন দেখি অনুসৰণ কৰি পুখুৰী সদৃশ খাদটোৰ তলত বোকা পানীৰে লুতুৰী পুতুৰী এটা মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহ টো সঞ্জীৱনৰ বুলি পৰিয়ালে চিনাক্ত কৰে। উক্ত খাঁদটো নামৰূপৰে প্ৰফুল্ল গগৈৰ বুলি গাঁওবাসী য়ে জানিবলৈ দিছে। মৃতদেহটো নামৰূপ আৰক্ষীয়ে চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় লৈ প্ৰেৰণ কৰিছে।

Related Articles

Leave a Reply

Close