অসম

নিউ লাইফ ফাউণ্ডেচনৰ উদ্যোগত মাৰ্ঘেৰিটাত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী সজাগতা অনুষ্ঠান

প্ৰথম খবৰ, মাৰ্ঘেৰিটা: আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ প্ৰতিৰোধ মাদক দ্ৰব্যৰ অপব্যৱহাৰ ও অবৈধ সৰবৰাহ বিৰুদ্ধে সজাগতাৰ বাবে বিশ্ব মাদক দ্ৰৱ্য বিৰোধী দিৱস আজি নিউ লাইফ ফাউণ্ডেচনৰ উদ্যোগত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আয়োজন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ প্ৰতিৰোধ দিৱসৰ শুভাৰম্ভ কৰে মাৰ্ঘেৰিটা স্থানীয় বিধায়ক ভাস্কৰ শৰ্মায়ে। আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপনৰ লগত সংগতি ৰাখি নিউ লাইফ ফাউণ্ডেচনে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনাৰ বাবে আজি মাৰ্ঘেৰিটা পাৱৈৰ পৰা গাড়ীৰ ৰেলী কৰা পাছত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত সজাগতা সভাও অনুষ্ঠিত কৰে । উল্লেখ যে মাৰ্ঘেৰিটা মহকুমাৰ লগতে অৰুণাচলৰ বহু ড্ৰাগছ আসক্ত যুৱকক মাৰ্ঘেৰিটা বৰগোলাই নামদাং গাওঁস্থিত “নিউ লাইফ ফাউণ্ডেচন’ৰ সভাপতি ৰূপম গগৈৰ তত্বাৱধানত ৰাখি বিশেষজ্ঞ সহায়ত চিকিৎসা প্ৰদানৰ উপৰিও শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ বাবে বিশেষজ্ঞৰ উপস্থিতি নিয়মীয়াকৈ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। অতি ড্ৰাগছ আসক্ত যুৱকক চিনাক্ত কৰি ইয়াত ৰাখি সম্পূৰ্ণ নিচা মুক্ত এক পৰিৱেশ দিবলৈ ২০১৫ বৰ্ষৰ ২৩ মাৰ্চৰ পৰা এতিয়ালৈকে ১৮০ জন ড্ৰাগছ আসক্ত যুৱকক চিনাক্ত কৰি সম্পূৰ্ণ নিচা মুক্ত কৰিবলৈ সক্ষম হৈছে নিউ ফাউণ্ডেচনে। মাৰ্ঘেৰিটা মহকুমাৰ সীমান্তৱৰ্তী অঞ্চলত দীৰ্ঘ দিন ধৰি ড্ৰাগছ কানি আদিৰ প্ৰচলনে যুৱ-প্ৰজন্মক বিপথে পৰিচালিত কৰি আহিছিল যদিও শেহতীয়াকৈ গঢ়লৈ উঠা স্বেচ্ছাসেৱী অনুষ্ঠান “নিউ লাইফ ফাউণ্ডেচনে” যুৱ প্ৰজন্মৰ মাজত আশাশসুধীয়া এক প্ৰচেষ্টা হাতত লৈছে বুলি মাৰ্ঘেৰিটাৰ সচেতন মহলে মন্তব্য প্ৰকাশ কৰিছে। সংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত নিউ লাইফ ফাণ্ডেচনৰ সভাপতি ৰূপম গগৈয়ে কয়যে যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ আগবঢ়াই দিয়া নিচাযুক্ত দ্ৰব্য পৰা নৱপ্ৰজন্মক আঁতৰাই ৰখাৰ বাবে সমাজ সচেতন ব্যক্তি সকলৰ পূৰ্ণ সহযোগিতা লাগিব। আজিৰ গাড়ী ৰেলি আৰু সজাগতা সভাত কেইবাজনো স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আনহাতে আজিৰ সজাগতা সভাত উপস্থিত থকা কেইবাজনো বক্তাই ড্ৰাগছ মাফিয়াৰ বিৰোধে আৰক্ষীয়ে কঠোৰ আইনীব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। মাৰ্ঘেৰিটা মহকুমাৰ জাগুন,লেখাপানী, লিডু , বৰগোলাই, মাৰ্ঘেৰিটা চাৰি আলি, টিপং , পেঙেৰী , কেতেটং , ইনথেম , বৰডুমচা আদি অঞ্চলত ড্ৰাগছ কানি দীৰ্ঘ দিন ধৰি অসাধু চক্ৰই বিক্ৰি কৰি আহিছে এই সমহ সমাজ ধ্বংসকাৰী ড্ৰাগছ আৰু কানি মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে কেনে ধৰণৰ কঠোৰ ব্যৱস্থা হাতত লয় সেয়া অতি লক্ষ্যনীয় হ’ব।

Related Articles

Leave a Reply

Close