অসম

নিমাতীত গড়াখহনীয়া, পৰিদৰ্শন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

প্ৰথম খবৰ, যোৰহাট: নিমাতী যোৰহাটৰ এক পৰিচয়। কিন্তু এতিয়া এই নিমাতী যোৰহাটৰ বুকুৰ মাজৰ পৰা হেৰাই যোৱাৰ পথত । বছৰি ফেনে ফুটুকাৰে বাঢ়ি অহা মহাবাহুৰ কোবাল সুতে ক্ৰমাৎ গড়া খহাই শেষ কৰি আহিছে নিমাতীৰ ন ন অঞ্চল। বছৰি ৰাজ্য চৰকাৰে নিমাতী গড়া খহনীয়া ৰোধৰ নামত কোটি কোটি টকাৰ আৱন্টন দিয়া হয়। কিন্তু একাংশ ঘোচখোৰ ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ চৰম অবহেলাৰ ফলতেই আজিকোপতিও নিমাতীৰ ভয়াৱহ গড়াখহনীয়া ৰোধ কৰিব পৰা নাই। যাৰ পৰিণতিত যোৱা ৩ তাৰিখে নিমাতী কমলাবৰী ঘাটলৈ যোৱা পকী পথটোৰ বৃহৎ একাংশ নদীৰ বুকুত জাহ গ’ল । নিমাতীৰ খহনীয়া পৰিদৰ্শন কৰিবলৈ অহা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে পথটো মেৰামতি আৰু খহনীয়া ৰোধৰ ব্যৱস্থা লবলৈ নিৰ্দেশ দি যায়। আজি নিমাতীৰ এই গড়াখহনীয়াৰ অঞ্চল পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী। খহনীয়া স্থলীত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী জনে কয় যে মুখ্য মন্ত্ৰী সোণোৱালে যিদৰে এই খহনীয়া ৰোধৰ কাম খীপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিলে সেই মতে খৰটকীয়া হোৱা দেখা নাই আৰু অতি শীঘ্ৰে এই খহনীয়া ৰোধৰ ব্যৱস্থা কৰিবলৈ সোণোৱাল চৰকাৰক দাবী জনায় আৰু কয় যদি এই পথতো মহাবাহুৰ কোবাল সোঁতত উটি যায় তেন্তে যোৰহাট নগৰখনলৈ এক ভাবুকি কঢ়িয়াই আনিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close