অসম

নেপাললৈ যোৱাৰ পথত গুৱাহাটীত সন্ধানহীন জাঁজী হাঁহচৰাৰ বৃদ্ধ

প্ৰথম খবৰ,জাঁজী: নেপালত চকু চিকিৎসাৰ বাবে যোৱা জাঁজী হাঁহচৰা অঞ্চলৰ এজন বৃদ্ধ লোক কালি নিশা গুৱাহাটীত ৰেলৰ পৰাই সন্ধানহীন হৈ আছে । প্ৰাপ্ত বাতৰি অনুসৰি দুজন সমন্ধীয় ব্যক্তিৰ সৈতে নেপালত চকু চিকিৎসা কৰোৱাৰ বাবে ৰেলযোগে নিউ-জলপাইগুৰি লৈ বুলি গৈছিল জাঁজী হাঁহচৰা চাংমাই গাঁৱৰ সুৰেন ভট্টাচাৰ্য্য নামৰ ৭২ বছৰীয়া ব্যক্তি জন । কিন্তু কালি বিয়লি গুৱাহাটী ৰেল ষ্টেচন ত প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ পৰাই সন্ধান হীন হৈ পৰে লোকজন । ইতিমধ্যে আৰক্ষীক ঘটনা সমন্ধে অৱগত কৰা হৈছে । লগত কোনো পৰিচয় পত্ৰ নথকা বৃদ্ধ জনৰ কিবা সম্ভেদ পালে স্থানীয় আৰক্ষী অথবা 96103062072 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে অনুৰোধ জনাইছে ।

Related Articles

Leave a Reply

Close