অসমশীৰ্ষ

পত্নীক সন্মান কৰিব নজনা মোদীয়ে কি সন্মান দিব সাধাৰণ নাৰীক

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাজীৱ ভৱনত আয়োজন কৰা এক সংবাদমেলত মহিলা প্ৰদেশ কংগ্ৰেছৰ উপ সভানেত্ৰী মঞ্জুশ্ৰী পাঠকে বিজেপি চৰকাৰৰ দিনত অসমত বৃদ্ধি হোৱা নাৰীজনীত ঘটনাৰ ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ বাক্যবান কৰে। তেওঁ কয় যি দেশৰ মুৰব্বীয়ে নিজৰ পত্নীক বনবাস দিছে,নিজৰ পত্নীৰ প্ৰতি এনেকুৱা মনোভাৱ তেনেস্থলত আমি সাধাৰণ মহিলা সকল কোন কুটা? এই চৰকাৰৰ মহিলাসকলৰ প্ৰতি কোনো সন্মান নাই। কাৰণ কংগ্ৰেছ চৰকাৰৰ দিনত গ্ৰহণ কৰা বিধেয়ক বিজেপিয়ে এতিয়ালৈকে পাচ কৰা নাই। বিজেপিৰ বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসেও প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি কয় যে লোকসভা নিৰ্বাচনৰ আগত তেওঁলোকে শ্লোগান দিছিল “বহত হুই নাৰী পৰ অত্যাচাৰ আপকে বাৰ মোদী চৰকাৰ” কিন্তু ক্ষমতাত অহাৰ লগে লগে সকলো শেষ। স্বয়ং বিজেপি নেতাই নিৰ্যাতনৰ নায়ক। ডিগবৈত এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ ওপৰত নিৰ্যাতন চলাইছিল বিজেপি নেতা জয় প্ৰকাশ গুপ্তাই। নিৰ্যাতন সহিব নোৱাৰি ঘৰৰ পৰা পলাই যোৱা কিশোৰীক ৰাইজে উদ্ধাৰ কৰি পুলিচ কেচ দিয়াৰ পিছতো আটক কৰা নহ’ল নেতাজনক। বহুতো ধৰ্ণাৰ পিছতহে চৰকাৰে বাধ্য হৈ আটক কৰিলে। আনকি সংবাদদাতাক সংবাদ প্ৰকাশ নকৰিবলৈ বাধা প্ৰদান কৰা হৈছিল। ইয়াতে বিজেপি চৰকাৰৰ স্বৰূপ ওলাই পৰে যে তেওঁলোক নাৰীৰ প্ৰতি কিমান শ্ৰদ্ধাশীল।

Related Articles

Leave a Reply

Close