অসম

পথাৰত ধানৰ সলনি পতান: বৰপেটাৰ ৰাজপথত উত্তাল প্ৰতিবাদ কৃষকৰ

প্ৰথম খবৰ,বৰপেটা: বৰপেটা জিলাৰ প্ৰায় দহ সহস্ৰাধিক কৃষকৰ খেতিত ধানৰ সলনি পটান ওলোৱাত সম্প্ৰতি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কৃষকসকলৰ মাজত৷ ঋণ লৈ কৃষিকৰ্ম কৰি খেতিত ধানৰ সলনি পতান ওলোৱাত স্বাভাৱিকতে শংকিত হৈ পৰিছে এইসকল দৰিদ্ৰ কৃষক৷ উল্লেখযোগ্য যে প্ৰতি বিঘাত প্ৰায় ৩০-৫০ মোন ধান উৎপন্ন হোৱা এডভান্তা কোম্পানীৰ পি এ চি- ৮৩৭ হাইব্ৰিড বীজ ব্যৱহাৰ কৰিছিল এইসকল কৃষকে৷ কিন্তু এইবেলি এডভান্তা কোম্পানীয়ে যোগান ধৰা উক্ত হাইব্ৰিড বীজ পৰা ধানৰ সলনি পতান ওলোৱাত সৰ্বহাৰা হৈ পৰে কৃষকসকল৷ বৰপেটা জিলাৰ কলগাছিয়া, মন্দিয়া, বৰপেটা, বজালী, ভৱানীপূৰ আৰু মন্দিয়া ৰাজহ চক্ৰৰ প্ৰায় দহ সহস্ৰাধিক দৰিদ্ৰ কৃষকসকলে এতিয়া এনেদৰে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ আজি এই দিশহাৰা কৃষকসকলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰাজপথলৈ ওলাই আহে৷ কৃষককলে বৰপেটা জিলা প্ৰশাসনৰ ওচৰত অনতি পলমে কৃষকসকলক ক্ষতিপূৰণ প্ৰদানৰ লগতে এডভান্তা বীজ কোম্পানীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সযোৰে দাবী উত্থাপন কৰে৷

Related Articles

Leave a Reply

Close