অসম

পশ্চিম কাৰ্বি আংলঙত শান্তিপূৰ্ণ ভাবে সমাপ্ত হ’ল পৰিষদীয় নিৰ্বাচন

প্ৰথম খবৰ,হামৰেণ: নেৰানেপেৰা বৰষুণৰ বিধিপথালিক নেওচি শান্তিপুৰ্ণভাবে সমাপ্ত হ’ল পশ্চিম কাৰ্বি আংলঙত থকা ৯টা পৰিষদীয় সমষ্টিৰ ভোটগ্ৰহনপৰ্ব। ইতিমধ্যে নিকটবৰ্তী কিছু ভোট গ্ৰহন কেন্দ্ৰৰ পৰা বেলট বাকচ আদি লৈ হামৰেণ জিলা উপায়ুক্ত কাৰ্য্যালয়ত উপস্থিত হৈছেহি নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ দল।জিলাখনত থকা দুৰ্গম ভোটগ্ৰহন কেন্দ্ৰ সমূহৰ লগত যোগাযোগ স্থাপন কৰিব নোৱাৰাৰ বাবে প্ৰকৃত ভোটৰ হাৰ জানিব পৰা নগ’ল যদিও এই হাৰ ৬৫ শতাংশ পৰ্য্যন্ত হোৱাৰ সম্ভাৱনা আছে।জিলাখনৰ দৰ্গম অঞ্চলত অবস্থিত ভোট কেন্দ্ৰৰ পৰা বেলট বাকচ লৈ বিষয়া কৰ্মী হামৰেণ আহি পাওতে নিশা তিনি বজাৰ সম্ভাৱনা আছে।

Related Articles

Leave a Reply

Close