অসম

পাৰ্বত্য জিলাত কংগ্ৰেছ-বিজেপিৰ নিৰ্বাচনী যুঁজ ক্ষীপ্ৰতৰ

প্ৰথম খবৰ,খেৰণি: আসন্ন কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ কাৰ্বি আংলঙৰ ৰাজনৈতিক মজিয়াত পৰিষদীয় সমষ্টিয়ে সমষ্টিয়ে তুমুল প্ৰতিযোগিতাৰে চলিছে দলসমুহৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ অভিযান৷ বাৰিষাৰ প্ৰতিকুল বতৰ আৰু দিন-ৰাতি সকলোবোৰ কাতি কৰি আপ্ৰাণ চেষ্টাৰে বিজয় মুকুটৰ লক্ষ্যৰে কংগ্ৰেছ-বিজেপি অথবা অগপ-এইছ এছ ডি চিয়েই হওঁক বা নিৰ্দলীয়ৰ প্ৰাৰ্থীয়েই হওঁক সকলোৱে কেৱল জয়ী হোৱাৰ লক্ষ্য আগত লৈ ক্ষীপ্ৰতাৰে নিৰ্বাচনী যুঁজ দি নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে পাহাৰীয়া জিলাখনত৷ সচাঁকৈ পাহাৰীয়া জিলাখনত নিৰ্বাচন অনুস্থিত হোৱা তাৰিখৰ প্ৰাকক্ষণত দলীয় নেতা কৰ্মী ও সমৰ্থকৰ দুখ-ভাগৰ, কষ্ট সকলো যেন এতিয়া হেৰাই গৈছে৷ মুঠতে জয়ীৰ বাবে কোনেও যাতে সহজে সুযোগ সুবিধা লাভ কৰিব নোৱাৰে তাৰ প্ৰতি শেন চকু নিক্ষেপ কৰি সকলো দলেই সমান্তৰালভাৱে  নিৰ্বাচনী যুঁজ দি ভিন্ন প্ৰকাৰৰ প্ৰচাৰ আদিৰে ৰাইজৰ মন আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৰাজনৈতিক দলসমুহে৷ আজিও পশ্চিম কাৰ্বি আংলং তথা পৰিষদীয় ৮ নং পৰিষদীয় সমষ্টিৰ তেলেহৰত সমষ্টিটোত থকা বিৰোধী দলক প্ৰত্যাহবান জনায় বিজেপিয়ে বিশাল সভাৰ আয়োজনেৰে নিৰ্বাচনী ৰনডংকা বজাই৷ দুই সহস্ৰাধিক বিজেপি নেতা-কৰ্মী, সমৰ্থকৰ বিপৰীতে ২০ নং বৈঠালাংছ বিধান সভা সমষ্টিৰ বিধায়ক ডা° মানছিং ৰংপি, পৰিষদীয় বিভাগীয় অধ্যক্ষ ক্ৰমে বিদ্যাছিং টেৰন, ৰঞ্জিত বে, বিজেপি নেতা হাৰমন বে, চাৰমেন ফাংছ, বিদ্যাছিং তিছ’, জয়ছিং ৰংহাং উপস্থিত থকা সভাত বিজেপিৰ প্ৰাৰ্থী মংগলছিং তিমুঙে সজোৰে দাবী কৰি কয় যে “কাৰ্বি স্বায়ত্বশাসিত পৰিষদত আমাৰ বিজেপি চৰকাৰ হ’ব, কাৰন প্ৰদূষণমুক্ত, দুৰ্নীতিমুক্ত, বিদেশীমুক্ত, সন্ত্ৰাসমুক্তৰে সৰ্বাংগিন উন্নয়ণ আৰু বিকাশ সাধন কৰাই হ’ল বিজেপিৰ মুল মন্ত্ৰ” বুলি কয় তিমুঙে৷ লগতে তিমুঙে এইবুলিও কয় যে মোৰ সমষ্টিত বিজেপিক বাদ দি যদি অন্য কোনো দলৰ প্ৰাৰ্থীক ৰাইজে জয়ী কৰোৱাই তেনেহলে বুজিব লাগিব যে এই সমষ্টিত হবলগীয়া উন্নয়ণ আৰু বিকাশে নিশ্চিত ৰূপত বিপৰীত মেৰুত গতি কৰিব আৰু কৰিবলগীয়া সৰ্বাংগিন উন্য়ণ আৰু বিকাশৰ কাম আৰু ৫ বছৰলৈ পিছুৱাই থাকিব বুলি মন্তব্য কৰে তিমুঙে৷ আনহাতে তিমুঙৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা বিধায়ক ডা° ৰংপিয়েও বিৰোধী দল কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰি বিজেপি প্ৰাৰ্থী তিমুঙক ভোটদান কৰি উক্ত সমষ্টিটোৰ পৰা জয়ী কৰাবলৈ কাতৰ অনুৰোধ আৰু আহ্বান জনায় উপস্থিত থকা ৰাইজক৷
  সমান্তৰালকৈ একেদৰে পৰিষদীয় ৯ নং আমৰেং সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা প্ৰাক্তন কাৰ্য্যবাহী সদস্যা এলিছ ইংতিপিয়েও পৰিষদীয় আমৰেং সমষ্টিৰ খেৰণিঘাটত আজি এখন নিৰ্বাচনকেন্দ্ৰীক কংগ্ৰেছৰ অস্থায়ী কাৰ্য্যালয়ৰ আনুস্থানিকভাৱে দুৱাৰ মুকলি কৰে৷ উক্ত অনুষ্ঠানত উপস্থিত থকা এলিছে দাবী কৰে যে পৰিষদীয় ৯ নং আমৰেং সমষ্টিত কংগ্ৰেছৰ জয়েই নিশ্চিত৷ কাৰন পূৰ্বতেই এই সমষ্টি কংগ্ৰেছৰ কৱলতে আছিল, কিন্তু বিধান সভা নিৰ্বাচনত অৱশ্যে এই সমষ্টিত বিজেপিয়ে শক্তিশালী ৰূপ লৈছিল যদিও বৰ্তমানত টিকতকেন্দ্ৰীক বিজেপিৰ বসম্বাদৰ ফলত এই সমষ্টিত বিজেপিৰ মাজত বিভাজন হৈ অগপৰ জন্ম হৈছে৷ আনহাতে কিন্তু কংগ্ৰেছৰ শক্তি আৰু ভোটাৰৰ সংখ্যা আগৰ দৰে বা আগতকৈ বেছিয়ে হৈছে৷ গতিকে এই সমষ্টিত কংগ্ৰেছই চুড়ান্ত জয়ীৰ অধিকাৰী হব বুলি মন্তব্য কৰে এলিছে ৷

Related Articles

Leave a Reply

Close