অসম

পুনৰ আদালতত হাজিৰ কৰা হ’ল সুবোধ বিশ্বাসক

প্ৰথম খবৰ, ধেমাজি: পুনৰ আদালতত হাজিৰ কৰা হ’ল চিলাপথাৰ কাণ্ডৰ খলনায়ক সুবোধ বিশ্বাসক ৷ লগত হাজিৰ কৰা হ’ল সুভাস বিশ্বাস , সহদেৱ দাস , বেনীমাধব ৰয় সহ চিলাপথাৰ কাণ্ডৰ আন ৫০ জন অভিযুক্তক ৷ ৩ মাৰ্চত চাৰ্জশ্বীট দাখিলৰ পাছত প্ৰথম বাৰৰ বাবে হাজিৰ কৰা হ’ল আচামী সকলক ৷ চাৰ্জশ্বীটতত ৫৪ জনক অভিযুক্ত কৰা হৈছে ৷ ৪৭ জনক সাক্ষী হিচাপে লোৱা হৈছে ৷চাৰ্জশ্বীটত অনন্ত বৈদ্য , অনিল দেবনাথ , ধমেন্দ্ৰ দাস ,ৰাহুল বৈদ্যকে আদি কৰি দহ জনক সন্ধান নোপোৱাৰ কথা উল্লেখ আছে ৷ আদালতে অহা ২৩ জুন তাৰিখে পুনৰ অভিযুক্ত সকলক হাজিৰ কৰাৰ নিৰ্দেশ দিয়ে৷ আদালত পৰা অভিযুক্ত সকলক উলিয়াই লৈ যাওঁতে অভিযুক্ত সকলৰ আাত্মীয়ৰ মাজত কান্দোনৰ ৰোল উঠে ৷

Related Articles

Leave a Reply

Close