অসম

পুলিচৰ উদ্ভণ্ডালী এইবাৰ প্ৰশাসনিক বিষয়াৰ ওপৰত

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰত পুলিচৰ অকৰ্তৃত্ব উদ্ভণ্ডালিত সহ্য কৰিব নোৱাৰি অসম অসামৰিক সেৱা সন্থা জৰুৰী সভাই পুলিচৰ কৰ্ম কাণ্ডক গৰিহণা দিয়াৰ লগতে বিভাগীয় বিহিত ব্যৱস্থাৰ দাবীৰে জিলা উপায়ুক্তক অনুৰোধ । ঘটনাৰ বিৱৰণীত যোৱা ১৩ জুনত শিৱসাগৰ ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ৰ মনালিছা মিলি নামৰ এগৰাকী মণ্ডলৰ ওপৰত ফ’ৰলেনত ক্ষতি হোৱা ক্ষতিপূৰণ নোপোৱাৰ সন্দৰ্ভত দিয়া গোচৰত মণ্ডল গৰাকীক বিচাৰি নাপাই শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া শ্ৰীমতী সম্প্ৰীতি গোস্বামীক ৰাতি দহ বজাত ফোন যোগে বিভিন্ন প্ৰশ্নৰে ব্যতিব্ৰস্ত কৰাৰ লগতে অতিৰিক্ত উপায়ুক্ত মুন গগৈক অকৰ্তৃত্বশীলভাৱে ফোন যোগে ব্যতিব্ৰস্ত কৰে । এই অভিযোগত অসম অসামৰিক সেৱা সন্থাৰ আজি জৰুৰী সভাই পুলিচ বিষয়া জনৰ অতপালিত ক্ষুন্ন হৈ কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছে । সভাত শিৱসাগৰ সদৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক ভাস্কৰ নাথৰ কাৰ্য্যক তীব্ৰ নিন্দা কৰাৰ লগতে গৰিহণা দিয়ে । এনে অসৎ পুলিচ বিষয়াক শীঘ্ৰে শিৱসাগৰৰ পৰা বদলি নকৰালে অনাগত দিনত পুলিচ প্ৰশাসনৰ লগত অসম অসামৰিক সেৱা বিষয়া সকলে কোনো কামতে সহযোগিতা নকৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি শিৱসাগৰ জিলাৰ সকলো অসামৰিক প্ৰশাসনিক বিষয়াই স্বাক্ষৰ কৰি এই প্ৰতিবেদকক জানিবলৈ দিছে । লগতে সদৌ অসম মণ্ডল কাননগু সন্মিলনী শিৱসাগৰ জিলা শাখাও উক্ত পুলিচ বিষয়া জনৰ ওপৰত বিহিত ব্যৱস্থা লবলৈ জিলা উপায়ুক্তক স্মাৰক পত্ৰ যোগে আবেদন জনাই ।

Related Articles

Leave a Reply

Close