অসম

পুৰণিগুদামত ছাত্ৰ-ছাত্ৰীয়ে চলালে স্বচ্ছ ভাৰত অভিযান: বিহু দলে ৰোপন কৰিলে গছপুলি

প্ৰথম খবৰ,বঢ়মপুৰ: নগাওঁ জিলাৰ পুৰণিগুদাম সমীপবৰ্তী জলাহগাৱঁত আজি হাতে হাতে ঝাড়ু আৰু গছ পুলি লৈ ওলাই আহিল এজাক কণ কণ শিশু ৷ পৰিবেশ সুৰক্ষাৰ স্বাৰ্থত ৬০৯ নং জলাহৰ চুক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে আজি লোকশিল্পী ৰাজু শইকীয়াৰ বিহুৱা দলে এক ব্যতিক্ৰমী কাৰ্যসূচী স্বচ্ছ ভাৰত অভিযান চলায় ৷ ৬০৯ নং জলাহৰচুক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লখেশ্বৰ শইকীয়া আৰু শিক্ষক-শিক্ষয়ত্ৰী নেতৃত্বত চলোৱা অভিযানটোত কণ কণ শিশু সকলে গাওঁখনৰ বাট-পথ সমূহৰ লগতে ৰাজহুৱা অনুষ্ঠান সমূহো ঝাড়ু মাৰি চাফা কৰে ৷ আনহাতেদি লোকশিল্পী ৰাজু শইকীয়াৰ বিহুৱা দলটোৱে আজি পুৰণিগুদাম জলাহগাৱঁত এক বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰা পাছত বৃক্ষৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ বিহুৱা দলটোৱে সমগ্ৰ গাওঁখনত কেইবাটাও মূল্যবান গছপুলি ৰোপন কৰে ৷ উল্লেখ্য যে ৫ জুন বিশ্ব পৰিবেশ দিৱসৰ পূৰ্ৱে প্ৰাথমিক বিদ্যালয়খনৰ লগতে বিহুৱা দলটোৱে এইদৰে পৰিবেশ সুৰক্ষা কাৰ্যসূচী হাতত লোৱা কথাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close