অসম

পুৰণিগুদামত নাট্য সন্মিলনৰ ৰাভা দিৱসৰ প্ৰস্তুতি

প্ৰথম খবৰ,পুৰণিগুদাম: অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱসটি অসম নাট্য সন্মিলন পুৰণিগুদাম শাখাৰ উদ্যোগত আৰু মণিকূট কৃষ্টি বিকাশ কেন্দ্ৰৰ সহযোগত অহা ২০ আৰু ২১ জুনত দুদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব৷ পুৰণিগুদাম পাৰঘাট সামূহিক ভৱনত অনুষ্ঠিত হ’ব লগা ৰাভা দিৱসৰ কাৰ্যসূচী অনুসৰি ২০ জুনৰ পুৱা পৰিৱেশ নিকাকৰণ,পতাকা উত্তোলন,স্মৃতি তৰ্পন,বৃক্ষৰোপন আদি অনুষ্ঠানৰ লগতে দুপৰীয়া এক বজাত অনুষ্ঠিত হ’ব মুকলি সভা৷ পুৰণিগুদাম ড: বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড: ভূপেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত,পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ উপাধ্যক্ষ জিতু গোস্বামী, সাহিত্যিক দিলীপ চন্দ্ৰ বৰা আৰু বিজেপি কলিয়াবৰ জিলা সমিতিৰ সভাপতি অনিল শইকীয়া৷উক্ত অনুষ্ঠানতে বাজিয়াগাঁও উন্নয়ন খণ্ডৰ উদ্যোগত কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্দ্ধনা জনোৱা হ’ব লগতে জাতীয় নাট্য সাহিত্য সংগ্ৰহালয়ৰ তৰফৰ পৰা প্ৰথমবাৰৰ বাবে শিল্পী-সাহিত্যিক ডা: নৰেন্দ্ৰ নাথ ডেকাক জীৱনযোৰা শিল্প-সাধনা বঁটা প্ৰদান কৰা হ’ব৷ অসম নাট্য সন্মিলন পুৰণিগুদাম শাখাৰ সোণপখিলী চতুৰ্থ খণ্ড “সমন্বয়” নামৰ স্মৃতিগ্ৰন্থখন উক্ত অনুষ্ঠানতে উন্মোচন কৰিব বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োয়ে৷ বিয়লি বিচিত্ৰানুষ্ঠান অনুষ্ঠিত হ’ব৷ ২১ জুনত বিভিন্ন কাৰ্যসূচীৰ লগতে নিশালৈ বৈদ্যুতিক মাধ্যম “নিউজ লাইভ”ৰ সাংবাদিক নিপ কুমাৰ বৰুৱাৰ পৰিচালিত “সুখৰ সংঞ্জা বিচাৰি” শীৰ্ষক গীতৰ অনুষ্ঠান অনুষ্ঠিত হ’ব৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close