অসম

পৃৃথক গোৰ্খালেণ্ডৰ সৰ্মথনত আৰু পৃথক বড়োলেণ্ড  দাবীত এবছুৰ জোঁৰসমদল

প্ৰথম খবৰ,কোকৰাঝাৰঃ সমগ্ৰ ৰাজ্যৰ লগতে বিটিএডিৰ সদৰ কোকৰাঝাৰতো আজি সন্ধিয়া এবছুৰ উদ্যোগত এনডিএফবি(প্ৰ) আৰু পিজেএচিবিএমৰ সহযোগত কোকৰাঝাৰ চহৰত জোঁৰসমদল উলিওৱা হয়৷ চহৰখনৰ জে. ডি.পথস্থিত বডোফা শিশু উদ্যান প্ৰাঙ্গনৰ পৰা আৰম্ভ হোৱা জোঁৰসমদল চহৰখনৰ মাজেদি যোৱা মূলপথেদি পৰিভ্ৰমণ কৰি বড়োলেণ্ড আৰু গোৰ্খালেণ্ডৰ দাবীত বিভিন্ন ধৰণৰ শ্লোগান দি কোকৰাঝাৰ চহৰৰ আকাশ-বতাহ কঁপাই তোলে৷ জোঁৰসমদলটোৰ নেতৃত্ব দিয়ে এবছুৰ কেন্দ্ৰীয় সহ-সাধাৰণ সম্পাদক খৌৰৌমদাউৱাৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাউ গৌড়া ব্ৰহ্ম আৰু এনডিএফবি(প্ৰ)ৰ নেতা বি.সুদেমে৷

Related Articles

Leave a Reply

Close