অসম

প্ৰতিবন্ধীক গ্ৰেপ্তাৰ কৰিবলৈ সাজু ৰাজ্য চৰকাৰ

প্ৰথম খবৰ, বেলতলা: যোৱা ২৬মে’ত চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত আছিল ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী । সৰুসজাইৰ পৰা খানাপাৰালৈ যোৱা সময়ত সেই দিনা সদৌ অসম প্ৰতিবন্ধী সুৰক্ষা সমিতিয়ে তেওঁলোকৰ ন্যায় প্ৰাপ্তিৰ দাবীত বশিষ্ঠ চাৰিআলিত পথ অৱৰোধ কৰি প্ৰতিৱাদ সাব্যস্ত কৰিছিল । ২৬জন কৈ প্ৰতিবন্ধী সদস্যৰ বিৰুদ্ধে জামিন বিহীন গোচৰ ৰুজু হৈছে বশিষ্ঠ থানাত । যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে প্ৰতিবন্ধীসকল। আজি বশিষ্ঠ আৰক্ষী থানাত হাজিৰ হোৱা শতাধিক সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে । ২১ দফীয়া দাবীৰে প্ৰতিবন্ধী সুৰক্ষা সমিতিয়ে সাব্যস্ত কৰি আহিল দীৰ্ঘদিনীয়া প্ৰতিবাদ ।

Related Articles

Leave a Reply

Close