অসমশীৰ্ষ

“প্ৰথম খবৰ”ৰ বাতৰিত গা লৰিল প্ৰশাসনৰ: শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আশ্বাস

প্ৰথম খবৰ,কামপুৰ: “প্ৰথম খবৰ”ৰ বাতৰিৰ প্ৰভাৱত অৱশেষত গা লৰিল প্ৰসাশনৰ। উল্লেখ্য যে, নগাওঁ জিলাৰ কচুৱাৰ ৰাজহুৱা খেলপথাৰৰ পানী উলিয়াই নিয়াৰ লগতে স্থায়ী নলা নিৰ্মানৰ সিদ্ধান্ত লৈছে চৰকাৰী পক্ষই। এই লৈ যোৱা ১২ জুনত নগাও জিলাৰ কচুৱাৰ ৰাজহুৱা খেল পথাৰ খনৰ লগতে এখন বিদ্যালয় আৰু বিষ্ণু পুৰ সমবায় পানীত ডুব যোৱাৰ সম্পৰ্কত এটা বাতৰি “প্ৰথম খবৰ”ত প্ৰকাশ হৈছিল ৷ উল্লেখ্য যে বিগত কেইবা দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাওঁৰ কচুৱা অঞ্চলতো হৈছে কৃত্ৰিম বান । কচুৱা ৰাজহুৱা খেল পথাৰত একাঁঠু পানী হোৱাৰ লগতে কচুৱাৰ বিষ্ণুপুৰী সমবায় আৰু কচুৱা মৰ্কজ একাডেমী কৃত্ৰীম বানৰ কবলত পৰিছে। যাৰ কাৰণে বিদ্যালয়খনৰ পাঠদান বন্ধ ৰাখিব লগীয়া হয় । স্থানীয় ৰাইজৰ অভিযোগ কচুৱা গড়কাপ্তানী পথত থকা এটা পুল আৰু নলা বন্ধ কৰি স্থানীয় এজন লোকে অবৈধভাৱে দোকান নিৰ্মাণ কৰাৰ কাৰণেই সৃষ্টি হৈছে এই কৃত্ৰিম বান। ইফালে পূৰ্বৰ চৰকাৰৰ দিনত ৰহা সমষ্টিৰ সেই সময়ৰ বিধায়ক পিযুষ হাজৰিকাই কচুৱাৰ ৰাজহুৱা খেল পথাৰ উন্নয়ণৰ বাবে এক আঁচনি লৈছিল যদিও সময়ত ইয়াৰ তিলমানো কাম কৰা নাছিল। যাৰ বাবে ৰাজহুৱা খেল পথাৰখন এতিয়ে এটা পুখুৰীত পৰিণত হৈছে। স্থানীয় লোকে শীঘ্ৰে বন্ধ হৈ থকা পুল আৰু নলাটো মুকলি কৰি দিবলৈ প্ৰশাসনক দাবী জনায় । স্থানীয় ৰাইজে চক্ৰ বিষয়ালৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল। এই সম্পৰ্কে “প্ৰথম খবৰ”ত প্ৰকাশ হোৱাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় কচুৱাত । ইতিমধ্যে ৰাজহুৱা খেল পথাৰ খনৰ পৰা পানী উলিয়াই নিয়াৰ সম্পৰ্কে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে কামপুৰ চক্ৰ বিষয়া কাৰ্যালয়ে আৰু ৰাজহুৱা মাটিত ব্যৱসায়িক প্ৰতিস্থানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে । ইফালে ১৪ মে’ত কচুৱাত উপস্থিত হয় কঠিয়াতলী উন্নয়ন খণ্ডৰ বিষয়া ৰঞ্জিত কলিতা । কলিতাই কচুৱা ৰাজহুৱা খেল পথাৰৰ উন্নয়ন কৰাৰ লগতে চানখোলা দলং লৈকে পকী নলা নিৰ্মানৰ ব্যৱস্থা হাতত লোৱাৰ কথা জানিব দিয়ে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close