অসমশীৰ্ষ

“প্ৰথম খবৰ”ৰ বাতৰিৰ প্ৰভাৱ: বাতৰি পৰিৱেশনৰ পিছতেই ৰোগাক্ৰান্ত অনাথ শিশুটিৰ চিকিৎসাৰ বাবে আগবাঢ়ি আহিল প্ৰাক্তন বিধায়ক জিতেন গগৈ

প্ৰথম খবৰ, বোকাখাত: অৱশেষত বোকাখাটৰ শিশু গৃহত থকা ৰোগাক্ৰান্ত অনাথ শিশুটিৰ চিকিৎসাৰ বাবে আগবাঢ়ি আহিল বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ। কালি পুৱাৰ ভাগত একমাত্ৰ “প্ৰথম খবৰ”ত দুৰ্ভগীয়া শিশুটিৰ বাতৰি প্ৰকাশ হোৱাৰ লগে লগে প্ৰাক্তন বিধায়ক গৰাকী শিশু গৃহত উপস্থিত হৈ ৰোগাক্ৰান্ত মুকবধিৰ শিশুটিক বোকাখাত ছহিদ কমলামিৰি চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰায়। চিকিৎসকৰ লগত পৰামৰ্শ কৰি আজি উন্নত চিকিৎসাৰ বাবে শিশুটিক লগত লৈ গুৱাহাটীলৈ ৰাওনা হৈছে। চিকিৎসকে শিশুটিৰ নাকত টিউমাৰ হোৱা বুলি জানিব দিছে। শিশুটিক গুৱাহাটী GMCHত অস্ত্ৰোপচাৰ কৰাৰ সকলো খৰচ জিতেন গগৈয়ে বহন কৰাৰ কথা ব্যক্ত কৰিছে। এই অনাথ শিশুটিৰ ৰোগমুক্ত কৰাৰ ক্ষেত্ৰত যি মহানুভৱতাৰ চানেকি দাঙি ধৰিলে তাক লৈ বোকাখাতবাসী গৌৰৱান্বিত। উল্লেখ্য যে, প্ৰাক্তন বিধায়ক গগৈয়ে বিগত কিছু মাহৰ পূৰ্বে যাযাবৰী শিল্পী অৰুণ দাসক বোকাখাত স্থায়ী ঠিকনা প্ৰদান কৰি মানৱতাৰ পৰিচয় দাঙি ধৰিছিল। “প্ৰথম খবৰ”ৰ পৰিয়ালৰ তৰফৰ পৰা শিশুটিৰ আশু-আৰোগ্য কামনা কৰাৰ লগতে বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ মহানুভৱতাক স্বাগতম জনাইছো।

Related Articles

Leave a Reply

Close