অসম

প্ৰভাতৰ জীৱন বাট পোহৰাই তুলিব কোনে ?

প্ৰথম খবৰ,বৰহাট: সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বৰহাট কেন্দ্ৰৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰি ডিষ্টিংশ্যনলৈ উত্তীৰ্ণ হোৱা বৰহাট কণিষ্ট মহাবিদ্যালয় ছাত্ৰ প্ৰভাত তাঁতী অৰ্থৰ অভাৱত দিশহাৰা হৈ পৰিছে । উল্লেখ্য যে চৰাইদেউ জিলাৰ বৰহাট চাহ বাগিচাৰ শ্ৰমিক ৰঞ্জিত তাঁতী পুত্ৰ প্ৰভাত তাঁতীয়ে এখন পঢ়া টেবুল নোহোৱাকৈ বস্তাত বহি কেৰাচিনতেলৰ চাকীৰ পোহৰত পঢ়ি ইংৰাজী বিষয়ত- ৮৭, অসমীয়া -৯৬, অৰ্থনীতি -৮০, শিক্ষা -৮৯, ৰাজনীতি -৮৪, বুৰঞ্জী -৯৩ ,মুঠ নম্বৰ ৪৪৯আৰু ৮৯.৮% পাবলৈ সক্ষম হয়।অতি পৰিতাপৰ বিষয় যে ইংৰাজী বিষয়ত সন্মানীয় বিষয় হিচাবে লৈ ভৱিষ্যতে বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা হ’বলৈ ইচ্ছা কৰা প্ৰভাতৰ অৰ্থৰ অভাৱত সেউজ সপোনটো নিঃশেষ হোৱাৰ উপক্ৰম হৈছে। উল্লেখ্য যে বৰ্তমানলৈকে কোনো জাতীয় সংগঠন,অনুষ্ঠান ব্যক্তি আদি প্ৰভাতক সহায় কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হোৱা নাই ।

Related Articles

Leave a Reply

Close