অসম

প্ৰৱঞ্চক যুৱকক মহিলাই দিলে পূৰ্ণহতীয়া চৰ, আছুৱেও লপা থপা দি গতালে আৰক্ষীক

প্ৰথম খবৰ, টিংখাং: ৰাজ্যৰ গ্ৰামাঞ্চল সমূহত এতিয়াও সক্ৰিয় হৈ আছে ঠগ প্ৰৱঞ্চক । সাৱধান হওক আপোনিও । কাৰণ বিভিন্ন প্ৰলোভনেৰে আপোনাৰ কষ্ট উপাৰ্জিত গাঠিৰ ধন হৰকাই নিব পৰে ঠগ প্ৰৱঞ্চক চক্ৰই । সহজ সৰল মহিলা সকলক এতিয়া লক্ষ্য কৰি লৈছে এনে ঠগ চক্ৰই । ডিব্ৰুগড় জিলাৰ ৰাজগড়ত ঠগ প্ৰৱঞ্চক চক্ৰৰ কবলত পৰিছে শতাধিক মহিলা । যোৱা জানুৱাৰী মাহৰ পৰা টিংখাং ৰাজগড়ৰ বিভিন্ন গাঁৱৰ মহিলা সকলক ঋণ দিয়াৰ প্ৰলোভন দি অহা এটা প্ৰৱঞ্চকক আজি এগৰাকী মহিলাই পূৰ্ণহতীয়া প্ৰচণ্ড চৰ সোধায় । ঠগ চক্ৰৰ প্ৰৱঞ্চনাৰ বলি ৰাজগড় মহিলা গৰাকীয়ে হেপাঁহ পলুৱাই প্ৰৱঞ্চক যুৱক এজনৰ দুগালত এফালৰ পৰা প্ৰচণ্ড জোৰে জোৰে চৰ সোধাব ধৰে । এই ঘটনা প্ৰত্যক্ষ কৰি বহুসংখ্যক লোকৰ চকু কপালত উঠে । মিছা প্ৰতিশ্ৰুতি দি ধন সংগ্ৰহ কৰিবলৈ আহি আজি বিয়লি এইদৰে মহিলাৰ পূৰ্ণহতীয়া চৰ খাব লগা হোৱা প্ৰৱঞ্চক যুৱকজন হৈছে শিশুমৰা বৰপথাৰৰ স্বৰ্গীয় গনিচন বৰুৱাৰ পুত্ৰ তথা দুটা সন্তানৰ পিতৃ ঋষব বৰুৱা (৩০) । শনিৰ দশা বেয়া থকা এইজন বাপুৰাই নিকট গড়গুৰি চাউদাঙৰ অজিত কোঁৱৰৰ পুত্ৰ জান্টু কোঁৱৰৰ লগত মিলি বিগত ছয়মাহে টিংখাং সমষ্টিৰ বিভিন্ন গাঁৱত অৰোহন নামৰ বিত্তীয় প্ৰতিষ্ঠান এটাৰ নামত 20 জনিয়া সদশ্যৰে মহিলা গোট খোলাই মুঠ ৩৫ টা গোটৰ পৰা ২০০০ টকাকৈ সংগ্ৰহ কৰি লুন্ঠন চলাই আহিছিল । বিনিময়ত মৰাণস্থিত আৰোহন প্ৰতিষ্ঠানটোৰ পৰা প্ৰতিগৰাকীক ৫০ হেজাৰ টকা ঋণ দিয়াৰ প্ৰলোভন দিছিল । কিন্তু প্ৰৱঞ্চক বৰুৱাই মহিলা সকলক বিতৰণ কৰি অহা পৰিচয় পত্ৰসমূহৰ লগতে সমগ্ৰ নথি পত্ৰ ভূৱা বুলি সন্দেহ উপজাত অতি কৌশলেৰে আজি ৰাজগড়ৰ মহিলা গৰাকীয়ে চাৰি হেজাৰ টকা দিয়াৰ প্ৰতিশ্ৰুতিৰে প্ৰৱঞ্চকটোক নিজৰ ঘৰত মাতি কাৰায়ত্ব কৰি জবাব দিহি কৰে । মহিলা গৰাকীৰ প্ৰশ্নত থকাসৰকা হৈ প্ৰৱঞ্চকটোৱে বাহিৰলৈ ওলায় আহে যদিও ক্ষুভিত মহিলা গৰাকীয়ে খেদি গৈ যুৱকজনৰ দুগালত ধাৰাবাহিকভাৱে প্ৰচণ্ড চৰ সোধাব ধৰে । ইয়াৰ পাছতে প্ৰায় শতাধিক মহিলাৰ লগতে ৰাজগড় আছুৰ এটা দলে প্ৰৱঞ্চকটোক ৰাজগড়স্থিত আছুৰ কাৰ্যালয়লৈ অানি মৰাণ আৰোহনক খবৰ দিয়ে । খবৰৰ ভিত্তিত আৰোহনৰ দুজন বিষয়া আছুৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰৱঞ্চকটোৱে বিতৰণ কৰা সকলো নথিপত্ৰ ভুৱা বুলি প্ৰমাণিত কৰাত আছুৱেও লপা থপা দি প্ৰৱঞ্চকটোক ৰাজগড় আৰক্ষীক গতাই দিয়ে । ইতিমধ্যে ঘটনা সংক্ৰান্তত প্ৰৱঞ্চকটোৱে দিয়া স্বীকাৰোক্তি অনুসৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

 

Related Articles

Leave a Reply

Close