শীৰ্ষৰাষ্ট্ৰীয়

পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন? মোদী-শ্বাহে ঘোষণা কৰিলে বিজেপিৰ প্ৰাৰ্থী

নেচনেল ডেস্ক, প্ৰথম খবৰ: ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব? কাক প্ৰক্ষেপ কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে? বহুতেই ভাবিছিল বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানিৰ নাম ৰাষ্ট্ৰপতিৰ বাবে প্ৰস্তাৱ কৰা হ’ব। সমান্তৰালভাৱে আন কেইবাটাও নাম উচ্চাৰিত হৈ আছিল। কিন্তু অশেষ জল্পনা-কল্পনাৰ পিছত আজি বিজেপিৰ সাংসদীয় বৈঠকৰ পিছত সভাপতি অমিত শ্বাহে ঘোষণা কৰিলে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম।

বিহাৰৰ ৰাজ্যপাল ৰামনাথ কোবিন্দক এনডিএ-ৰ মনোনীত প্ৰাৰ্থী হিচাপে ঘোষণা কৰিলে অমিত শ্বাহে। ৭১ বছৰ বয়সত ভৰি দিয়া পেছাত আনজীৱী ৰামনাখ কোবিন্দ আছিল ভাৰতীয় দলিত মৰ্চাৰ সভাপতি। উত্তৰ প্ৰদেশৰপৰা দুবাৰকৈ তেওঁ সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল।

বিজেপিৰ ফালৰপৰা অমিত শ্বাহে আশা প্ৰকাশ কৰিছে যে ৰামনাথ কোবিন্দই পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিব। এনডিএ-ৰ অংশীদাৰী দলসমূহৰ এই সম্পৰ্কে জনোৱাৰ উপৰি বিৰোধী দলসমূহকো বিজেপিৰ ফালৰপৰা জনোৱা হৈছে বুলি শ্বাহে প্ৰকাশ কৰে। কেৱল সেয়াই নহয়, কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সৈতে এই বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ নৰেন্দ্ৰ মোদীয়ে নিজেই কথা পাতিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close