অসম

ফুটুকাৰ ফেনত পৰিণত পিএমকেভিৱাই, তলা মাৰি শুভাৰম্ভ ফলঙনিস্থিত কেন্দ্ৰৰ

প্ৰথম খবৰ, মুৰফুলনি: সাধৰণতে নতুন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্বোধনী কৰা হয় ফিটা কাটি বা মাংগলিক কাৰ্য সমাপনৰ যোগেদি। কিন্তু ফলঙনিত আছে এনেকুৱা এটা কাৰ্যালয় য’ত তলা মাৰি শুভাৰম্ভ কৰিলে কৰ্তৃপক্ষই। বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই দেশৰ ৪০ কোটি নিবনুৱাক পিএমকেভিৱাই আঁচনিৰ জৰিয়তে প্ৰশিক্ষণ দিয়াই কৰ্মসংস্থাপনৰ যি আশা দিছিল সেয়া যেন গোকাত মিছা বুলি প্ৰমাণ কৰিলে ফলঙনিস্থিত পিএমকেভিৱাইৰ এই কেন্দ্ৰটোৱে। কাৰণ বিগত বৰ্ষতেই মুৰফুলনি, ফলঙনি, বালিজান, পোৰাজংঘল, ফুলবাৰী অঞ্চলৰ পাঁচ শতাধিক প্ৰাৰ্থীয়ে আবেদন পত্ৰ জমা দিছিল যদিও আজিকোপতি শুভাৰম্ভ নকৰিলে এই কেন্দ্ৰটো। ফলত আবেনকাৰীসকল ভুগিছে এক প্ৰকাৰৰ হীনমন্যতাত। মাত্ৰ এই আঁচনিৰ নামত কেইখনমান প’ষ্টাৰ আঁৰিয়েই দায়িত্ব সামৰিলে কৰ্তৃপক্ষই। গতিকে এইক্ষেত্ৰত উৰ্দ্ধতম বিষয়ববীয়াই বিষয়টোৰ ওপৰত এটা স্পষ্ট মত জনাব লাগে বুলি ভুক্তভোগী আবেদনকাৰীসকলে দাবী জনাইছে।

 

Related Articles

Leave a Reply

Close