অসম

বকোৰ হেকৰাৰ সুঁতি নৈত গৰু পাৰ কৰোতে পানীত ডুবি সন্ধাহীন এজন লোক

প্ৰথম খবৰ, নগৰবেৰা: কামৰূপ গ্ৰাম্য জিলাৰ ৪৮নং বকো বিধান সভা সমষ্টিৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত হেকৰা-মন্দিৰা অঞ্চলত এগৰাকী লোকে পানীত ডুবি সন্ধাহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত খবৰ মতে, জিলা খনৰে উক্ত আৰক্ষী চকীৰ অন্তৰ্গত হেকৰা পলভাঙাৰপাৰ গাঁৱৰ প্ৰয়াত বুদ্ধেশ্বৰ দাসৰ পুত্ৰ ৰাধা দাস(৫০) নামৰ লোক জনে আজি আবেলি প্ৰায় ৪-৩০ বজাত হেকৰা-মন্দিৰা ফাৰ্মৰ মাজেৰে বৈ যোৱা সুঁতি নদীত গৰুৰ পোৱালি এটা পাৰ কৰি আনোতে গৰুৰ পোৱালিৰ লগত ডুবি সন্ধাহীন হৈ পৰে। এনে অঘটনৰ বাতৰি চাৰিওফালে বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ একাংশ লোকৰ লগতে মন্দিৰা আৰক্ষী চকীৰ আৰক্ষীয়ে সুঁতি নৈ খনত লোক জনৰ বিচাৰ-খোচাৰ আৰম্ভ কৰে যদিও বাতৰি লিখা সময়লৈকে ৰাধা দাস নামৰ লোক জনৰ কোনো সন্ধান ওলোৱা নাই। অৱশ্যে গৰুৰ পোৱালিটো মৃত অৱস্থাত উদ্ধাৰ হৈছে। নিশাৰ আন্ধাৰৰ বাবে উদ্ধাৰ অভিযান চলোৱাত অসুবিধাৰ সৃষ্টি হোৱাত অহা কালি পুনৰ উদ্ধাৰ অভিযান চলোৱা হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close