অসম
বগীনদী আদৰ্শ চিকিৎসালয়ৰ শুভ উদ্বোধনী

প্ৰথম খবৰ বগীনদী: আজি দিনৰ প্ৰায় ১২ বজাত ৩.১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বগীনদী আদৰ্শ চিকিৎসালয়ৰ শুভ উদ্বোধন কৰা হয়। স্থানীয় বিধায়ক তথা ৰাজ্যৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী, নৱ কুমাৰ দলে য়ে এই চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে। চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে বগীনদী খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মী তথা ঘোষিকা পাৰবিন হুছেইনে। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰীগৰাকীৰ লগতে লখিমপুৰৰ সাংসদ, প্ৰদান বৰুৱা, বিহপুৰীয়া সমষ্টিৰ বিধায়ক, দেৱানন্দ হাজৰিকা, জিলা উপায়ুক্ত বৰুন ভূঞা, জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিং, জিলা পৰিষদৰ সভানেত্ৰী, ডেইজী দত্ত, বিজেপিৰ কেন্দ্ৰীয় কাৰ্যবাহী সদস্য, বিজয় শইকীয়া আৰু বিজেপিৰ বগীনদী মণ্ডল সভাপতি ৰমা ফুকন উপস্থিত থাকে। এই অনুষ্ঠানত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা:সৰপল সিং শৌৰি, মহকুমা স্বাস্থ্য বিষয়া ডা:মনতি ফুকনো উপস্থিত থাকে। এই অনুষ্ঠানতে সাংসদ বৰুৱা, বিধায়ক হাজৰিকা আৰু মন্ত্ৰী দলেয়ে ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত, তেওঁলোকে বৰ্তমানৰ বিজেপি চৰকাৰখনে স্বাস্থ্য খণ্ডত কেনেদৰে উন্নয়ন কৰিছে তাৰ এক বৰ্ণনা দাঙি ধৰে। ইয়াৰ লগতে চৰকাৰে বৰ্তমানে স্বাস্থ্য ক্ষেত্ৰত গ্ৰহণ কৰা অভিলাষী আঁচনি অটল অমৃত যোজনাৰ বিষয়ে উপস্থিত ৰাইজৰ আগত বিশদ বিৱৰণ প্ৰকাশ কৰে ৷