অসম

বঙাইগাঁৱৰ নাৰাৰভিটাত উত্তেজনা, দিন দুপৰতে পোষ্ট অফিচৰ সামগ্ৰী চুৰি কৰি লৈ যোৱা অৱস্থাত ঠেলা সহ হুৰমুজ আলীক আৱদ্ধ

প্ৰথম খবৰ, কলগাছিয়া : বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত নাৰাৰভিটা গাঁৱত পোষ্ট অফিচৰ সামগ্ৰী চুৰি কাণ্ডক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ৰাইজে অভিযোগ কৰা মতে আজি দিন দুপৰতে পোষ্ট অফিচৰ কৰ্মৰত পিয়ন হুৰমুজ আলীয়ে কাৰ্যলয়ৰ পৰা চিয়াৰ, টেবুল, আলমাৰী, বিভিন্ন নথিপত্ৰ, এ টি এম কাৰ্ড, মেচিন, ফেন সহ অৰ্ধলক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি ঠেলাৰে নিজ ঘৰলৈ লৈ যোৱা অৱস্থাত ৰাইজে হাতেলুটে ধৰি এই দৰে আৱদ্ধ কৰি তীব্ৰ প্ৰতিবাদ কৰে । হুৰমুজ আলীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । ক্ষুব্ধ ৰাইজে চোৰৰ বিচাৰ লাগে আদি শ্লোগানেৰে নাৰাৰভিটা এলেকা উত্তাল কৰি অৱশেষত চুৰি কাণ্ডত জড়িত হুৰমুজ আলী আৰু ঠেলা চালক ৰহিম উদ্দিনক আৰক্ষীক গতাই দিয়াৰ লগতে পিয়ন জনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী উত্থাপন কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close