গুৱাহাটীশীৰ্ষৰাষ্ট্ৰীয়

বতৰৰ আগলি বতৰা- আৰু চাৰি দিনলৈ ৰাজ্যত বৰষুণৰ আশংকা

প্ৰথম খবৰ, গুৱাহাটী: মঙলবাৰৰ তুলনাত বুধবাৰে কিছু উন্নত হ’ল পৰিৱেশ৷ বৰষুণৰ পৰিমাণ কমি যোৱাত কিছু সকাহবোধ কৰিলে ৰাজ্যবাসীয়ে৷ কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰৰ আগতীয়া বতৰা অনুসৰি আৰু চাৰি দিনলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ৷ 15, 17 আৰু 18 জুনত অসমৰ উপৰিও মেঘালয়, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাত বৃষ্টিপাতৰ সম্ভাৱনা আছে৷ 17 আৰু 18 জুনত অৰুণাচলৰ বহু ঠাইত হ’ব বৃষ্টিপাত৷ একেদৰে 16 জুনত ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনতো প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনাৰ কথা কোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰাত৷ বুধবাৰৰ দিনটোত গুৱাহাটী আৰু দাঁতি কাষৰীয়া এলেকাত বৰষুণৰ পৰিমাণ আছিল 13 ছেমি৷ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা 32 ডিগ্ৰী আৰু সৰ্বনিম্ন আছিল 24 ডিগ্ৰী ছেলচিয়াছ৷

Related Articles

Leave a Reply

Close