অসম

বাগানত চাহ-পাত তুলি পৰিয়াল পোহপাল দিয়া মাতৃৰ মুখত হাঁহি বিৰিঙালে কন্যা লিপিকাই

প্ৰথম খবৰ, চাবুৱা : চাবুৱাৰ ডিকম হাতীগান্ধৈ গাঁৱৰ ৰজত গোহাঁই আৰু বিদ্যাবতী গোহাঁইৰ জেষ্ঠা কন্যা লিপিকা গোহাঁইয়ে দৰিদ্ৰতাকো নেওচি সাফল্যৰ জয় জিনিবলৈ সক্ষম হৈছে । চাবুৱাৰ নৰ্থ-ইষ্ট একাডেমীৰ পৰা লিপিকাই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বমুঠ ৮২.৬% ( ৪১৩ ) নম্বৰ সহ উত্তীৰ্ণ হৈছে । উল্লেখ্য যে, মাতৃ বিদ্যাবতী গোহাঁইয়ে পৰিয়াল পোহপাল দিবলৈ, সন্তানৰ পঢ়া – শুনাৰ খৰচ ওলিয়াবলৈ স্থানীয় বাগানত চাহ পাত তুলিব লগা হয় । জেষ্ঠা কন্যা লিপিকাৰ সাফল্যই স্বাভাৱিকতে পিতৃ -মাতৃ তথা পৰিয়ালটোলৈ আনন্দৰ বন্যা নমাই আনিছে যদিও বৰ্তমান লিপিকাৰ সপোনৰ কলেজখনত লিপিকাই মনে বিচৰা ধৰণেৰে অজলা পিতৃ আৰু দৈনন্দিন আনৰ বাগিচাত কাম কৰি কোনোমতে পৰিয়ালৰ পোহপাল দিয়া মাতৃয়ে নাম-ভৰ্তি কৰি দিব পৰিব নে নাই নতুবা লিপিকাৰ পঢ়াৰ খৰছ বহন কৰিব পাৰিব নে নাই সেয়াও এতিয়া এটি বৃহৎ প্ৰত্যাহ্বান ৰূপে দেখা দিছে পৰিয়ালটোলৈ ।

Related Articles

Leave a Reply

Close