অসম

বান-ভুমিস্খলনে দুৰ্ভোগ ভোগাইছে গোৰেশ্বৰবাসীক

প্ৰথম খবৰ, গোৰেশ্বৰ: কালিৰপৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বাকসা জিলাৰ গোৰেশ্বৰৰ কেতবোৰ ঠই জলমগ্ন হৈ পৰিছে। অঞ্চলটোৰ ভালেমান পথাৰ, ৰাস্তা আদি নিশাৰ ভাগত ডুব গৈছে। ইয়াৰ মাজতে বাইহাটা চাৰিআলি গোৰেশ্বৰ নাওকাটা পথৰ মহৰিপাৰাত হোৱা এক ভুমিস্খলনৰ ফলত পথছোৱাত যাতায়ত ব্যাহত হৈ পৰিছে। পুৱাৰ ভাগতে অত্যধিক পানীৰ হেঁচাৰ ফলত ৰাস্তাৰ তলেৰে যোৱা এটি সৰু পুল খহাই নিয়াৰ ফলত অতি বিপদসংকুলভাৱে সৰু সুৰা যান বাহন চলি আছে যদিও যি কোনো সময়তে ৰাস্তা সম্পূৰ্ণভাৱে খহি যোৱাৰ আকংশা প্ৰকাশ কৰিছে ৰাইজে। অসমৰ প্ৰতিস্থিত ঠিকাদাৰ প্ৰভু আগৰৱালাৰ নিৰ্মাণ সংস্থাই পথচোৱা বহলকৈ নিৰ্মান কৰি আছিল। স্থানীয় ৰাইজে পথৰ উপৰত পুলৰ পৰিৱৰ্তে পকী দলং দিয়াৰ বাবে দাবী জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close